AGP ৰ প্ৰতিষ্ঠা দিৱসত অৱহেলিত প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্ত...

AGP ৰ প্ৰতিষ্ঠা দিৱসত অৱহেলিত প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্ত...

author-image
Asomiya Pratidin
New Update
AGP ৰ প্ৰতিষ্ঠা দিৱসত অৱহেলিত প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্ত...

AGP ৰ প্ৰতিষ্ঠা দিৱসত অৱহেলিত প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্ত...

ডিজিটেল সংবাদ কামপুৰঃ আজি ৰহা বিধান পৰিষদৰ উদ্যোগত অসম গণ পৰিষদৰ ৩৯ সংখ্যক প্ৰতিষ্ঠা দিৱসটি ৰহা সমষ্টিৰ ৰজাগাঁৱত অনুষ্ঠিত হয়। আজি পুৱা অসম গণ পৰিষদৰ ৰহা বিধান পৰিষদৰ কাৰ্যকৰী সভাপতি মদন চুব্বাই পতাকা উত্তোলনৰে কাৰ্যসূচী শুভাৰম্ভ কৰাৰ পিছত শ্বহীদ তৰ্পন আৰু বন্তুি প্ৰজ্বলন কৰে সমাজসেৱক নবেন্দু চন্দ্ৰ, খগেশ্বৰ বৰুৱা, বিষ্ণু দাস হাবিজ উদ্দিন আৰু চামচুদ্দিন আহমেদে।

Advertisment

অসম গণ পৰিষদৰ ৰহা বিধান পৰিষদৰ স্থায়ী সভাপতি প্ৰফুল্ল নাথে সভাপতিত্ব কৰা মুকলি সভাখনৰ আঁত ধৰে দলটোৰ ৰহা বিধান পৰিষদৰ তথ্য প্ৰযুক্তিৰ সম্পাদক পংকজ দাসে। কচুৱাৰ মাখন গাঁৱৰ হিল্লোল বৰুৱাই পৰিবেশনৰে আৰম্ভ কৰা সভাখনৰ উদ্দেশ্য বাখ্যা কৰে বিশ্ব জ্যোতি ভূঞাই আৰু চিনাকী পৰ্বৰ আঁত ধৰে পৰশুৰাম মাঝিয়ে।

সভাখনত বিশিষ্ট অতিথি হিচাবে উপস্থিত থকা অসম গণ পৰিষদৰ কাৰ্যকৰী সদস্য পদ্ম গোস্বামীয়ে ৮৫৫ জন শ্বহীদৰ তেজৰে গঠিত অসম গণ পৰিষদৰ ইতিহাস সম্পৰ্কত বহলায় বাখ্যা দাঙি ধৰে।তেওঁ ৰহা সমষ্টিত অসম গণ পৰিষদৰ অতীত গৌৰৱ অক্ষুন্ন ৰখাৰ বাবে দলীয় কৰ্মীসকলৰ প্ৰতি আহ্বান জনায়।

সভাখনত ৰহা বিধান পৰিষদৰ সম্পাদক প্ৰনৱ দাস, ৰহা বিধান পৰিষদৰ মহিলা সমিতিৰ সভানেত্ৰী অঞ্জু বৰা, ৰহা বিধান পৰিষদৰ উপ-সভাপতি কেশৱ দাস আদিয়ে দলটোৰ সাংগঠনিক ভেটি টনকিয়াল কৰাৰ ওপৰত বক্তব্য প্ৰদান কৰে।সভাখনত বিহু, ঝুমুৰ আৰু গাৰো নৃত্য প্ৰদৰ্শন কৰা হয়।

তাৎপয্যপূৰ্ণভাৱে দলটোৰ প্ৰতিষ্ঠা দিৱসত দলীয় বেনাৰ- পোষ্টাৰত প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তৰ ফটো নলগোৱা বিষয়টোৱে প্ৰতিক্ৰীয়া সৃষ্টি কৰিছে। এই সম্পৰ্কত দলটোৰ ৰহা বিধান পৰিষদৰ সভাপতি প্ৰফুল্ল নাথে অসম গণ পৰিষদৰ বেনাৰ পোষ্টাৰত প্ৰতিস্থাক সভাপতিজনৰ বেনাৰ, পোষ্টাৰ আঁতৰাই দিয়া বুলি স্বীকাৰ কৰে।কিন্তু নাথে অসম গণ পৰিষদ জীয়াই থকালৈকে দলটোত প্ৰফুল্ল কুমাৰ মহন্তৰো অস্তিত্ব জীয়াই থাকিব বুলি কয়।

Also Read: বাবৰ, পাকিস্তানৰ সমৰ্থনত গৌতম গম্ভীৰ সমালোচনা কৰিলে গুজৰাটৰ দৰ্শকক...

কামপুৰ অসম গণ পৰিষদ