আএলিতা আৰ্ট এণ্ড ক্ৰাফট বিদ্যালয়ৰ বঁটা বিতৰণী সভা

আএলিতা আৰ্ট এণ্ড ক্ৰাফট বিদ্যালয়ৰ বঁটা বিতৰণী সভা

author-image
Asomiya Pratidin
New Update
আএলিতা আৰ্ট এণ্ড ক্ৰাফট বিদ্যালয়ৰ বঁটা বিতৰণী সভা

ডিজিটেল সংবাদ,বেবেজীয়াঃ দেওবাৰে গুৱাহাটীৰ চচল শতদল শাখা সাহিত্য সভাৰ কাৰ্যালয়ৰ সভাকক্ষত আএলিতা আৰ্ট এণ্ড ক্ৰাফট স্কুলৰ বাৰ্ষিক পৰীক্ষাৰ ফলাফল আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত হয়। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে যোগাচাৰ্য্য শুভাশীষ ক'ৰে।কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ মনোমোহা নৃত্য-গীতে উপস্থিত সকলোকে মোহাচ্ছন্ন কৰি তোলে।

Advertisment

বিশিষ্ট শিল্পী সদানন্দ বৰ্মনৰ ভূপেন্দ্ৰ সংগীতে সকলোকে আপ্লুত কৰি তোলে ৷ অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে ইউ এছ টি এমৰ বিজ্ঞান গুৰু ড° কমল চৌধুৰী,আনুপূৰ্বিক আৰ্ট এণ্ড ক্ৰাফট ইনষ্টিটিউটৰ অধ্যক্ষ ৰাজীৱ দাস,অগ্ৰদূত কাকতৰ উপ-সম্পাদক কেশৱ বৰুৱা,নন্দী মিকিৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অৱণী শৰ্মাই আকৰ্ষণীয় বক্তৃতাৰে উপস্থিত সকলোকে উৎসাহিত কৰে।

প্ৰকৃতিপ্ৰেমী মঞ্চৰ সভাপতি হিতেশ শৰ্মা,চিত্ৰ ভাস্কৰ্য শিল্পী গণেশ ছেত্ৰী,শতদ্ৰু চৌধুৰী,দৈনিক পূৰ্বোদয় কাকতৰ ষ্টাফ ৰিপোৰ্টাৰ সন্তোষ দাস,ৰাষ্ট্ৰীয় যুৱ বঁটা বিজয়ী দিব্যজ্যোতি দাস,চচল জ্যেষ্ঠ নাগৰিক সন্থাৰ সম্পাদক ড° বুধিন শইকীয়া,গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ যোগা থেৰাপীষ্ট সিক্তাদেৱ ক'ৰ,অসম চৰকাৰৰ জিলা উদ্যোগ বাণিজ্য বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া আয়ুক্ত সত্যপ্ৰকাশ পেগু,যোগ শিক্ষক মনজিৎ দাস, প্ৰকৃতিপ্ৰেমী প্ৰেমী মঞ্চৰ ভূপেন দাস,মঞ্চৰ সহকাৰী প্ৰধান সম্পাদক পাৰ্থ প্ৰতিম গৌতম আদি ব্যক্তিসকলে উপস্থিত থাকি বঁটা বিজয়ী ছাত্ৰ-ছাত্ৰীসকলক বঁটা প্ৰদান কৰে।

বিদ্যালয়ৰ প্ৰতিটো শ্ৰেণীৰ প্ৰথম,দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্ত প্ৰতিযোগীক বঁটা আৰু মানপত্ৰ প্ৰদান কৰা হয়।লগতে বিদ্যালয়ৰ শ্ৰেণীকোঠাত ১০০ শতাংশ উপস্থিত ছাত্ৰ-ছাত্ৰীক বিশেষ পুৰস্কাৰ প্ৰদান কৰা হয়। বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ধনঞ্জয় তালুকদাৰে সঞ্চালনা কৰা সভাখন বিদ্যালয়ৰ প্ৰধান অধ্যাপিকা জোনাকী কলিতা তালুকদাৰৰ অসম সংগীতেৰে সামৰণি পৰে ৷

Also Read: বৰপেটাত ফণীভূষণকে ধৰি কংগ্ৰেছ, চিপিআইএমৰ প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ তুংগত

bebejiya nagaon news Awards Ceremony Aelita Art and Craft School