ওকালতি এৰি ড্ৰাগছ সৰবৰাহত নামিছে অধিবক্তা...

ওকালতি এৰি ড্ৰাগছ সৰবৰাহত নামিছে অধিবক্তা...

ডিজিটেল সংবাদ নগাঁও : ড্ৰাগছ সৰবৰাহেৰে জড়িত অধিবক্তা ৷ আৰক্ষীৰ জালত পৰিল অধিবক্তা ৷ ড্ৰাগছ হিচাপে ব্যৱহাৰ হোৱা নিচায়ুক্ত টেবলেট আৰু কফ চিৰাপসহ আৰক্ষীয়ে কৰায়ত্ব কৰিছে দুজনক ৷ এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে নগাঁও চহৰত ৷

নগাঁও আৰক্ষীয়ে ইটাচালী এলেকাত চলোৱা অভিযানৰ সময়ত এ এছ ২৫ ডি চি ২৩৫৮ নম্বৰৰ গাড়ীখনৰ পৰা বৃহৎ পৰিমানৰ ড্ৰাগছখিনি জব্দ কৰে ৷ গাড়ীত ভৰাই অধিবক্তা মুনমুন হক আৰু ইফটিকাৰ হুছেইনে ড্ৰাগছখিনি সৰবৰাহ কৰিছিল ৷

আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছখিনিত আছে ৫৭৭৫ টা নিচায়ুক্ত টেবলেট আৰু ১৯২ বটল কফ চিৰাপৰ বটল ৷ বস্তাত ভৰাই অধিবক্তাৰ লগ’ লগোৱা এ এছ ২৫ ডিচি ২৩৫৮ নম্বৰৰ গাড়ী খনেৰে ড্ৰাগছখিনি সৰবৰাহ কৰি থাকোতে আৰক্ষীয়ে হাতেলোতে ধৰিবলৈ সক্ষম হয় ৷

ইফালে ড্ৰাগছ সৰবৰাহৰে জড়িত মুনমুন হক নগাঁও উকিল সন্হাৰ সদস্য নহয় বুলি জানিব পৰা গৈছে ৷ অধিবক্তা হক নগাঁও উকিল সন্হাৰে কোনো ধৰনেৰে জড়িত নহয় বুলি সন্হাটোয়ে স্পষ্ট কৰিছে ৷ আৰক্ষীয়ে ধৃত অধিবক্তা মুনমুন হক আৰু ইফটিকাৰ হুছেইনক অধিক তথ্যৰ বাবে সোধপোচ চলাই আছে ৷

ওকালতি এৰি ড্ৰাগছ সৰবৰাহত নামিছে অধিবক্তা...
বৰপেটা সত্ৰৰ মাটি মছজিদ-কবৰস্থানক দানঃ হিন্দু - মুছলিমৰ সম্প্ৰীতিৰ অনন্য নিদৰ্শন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in