বৰপেটা সত্ৰৰ মাটি মছজিদ-কবৰস্থানক দানঃ হিন্দু - মুছলিমৰ সম্প্ৰীতিৰ অনন্য নিদৰ্শন...
বৰপেটা সত্ৰৰ মাটি মছজিদ-কবৰস্থানক দানঃ হিন্দু - মুছলিমৰ সম্প্ৰীতিৰ অনন্য নিদৰ্শন...

বৰপেটা সত্ৰৰ মাটি মছজিদ-কবৰস্থানক দানঃ হিন্দু - মুছলিমৰ সম্প্ৰীতিৰ অনন্য নিদৰ্শন...

ডিজিটেল সংবাদ বৰপেটাঃ মহাপুৰুষ শ্ৰী শ্ৰী মাধবদেৱ স্থাপিত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰই সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে ৷ মছজিদ আৰু কবৰস্থানৰ নামত বৰপেটা সত্ৰৰ নামত থকা ভূমি দান দিছে বৰপেটা সত্ৰই ৷

সত্ৰৰ ভূমি বেদখল , জাত-পাতৰ ৰাজনীতি আদি বিভিন্ন বিষয়ক লৈ চৰ্চা চলি থকাৰ সময়তে , মন্দিয়াত থকা বৰপেটা সত্ৰৰ ভূমি জামে মছজিদ আৰু কবৰস্থানৰ নামত বৰপেটা সত্ৰই দান দি দাঙি ধৰিছে এক অনন্য নিদৰ্শন ৷ বৰপেটা সত্ৰৰ এনে উদাৰ মনোভাবৰ বাবেই বিভিন্ন মহলত ভূয়সী প্ৰশংসা লাভ কৰিছে ৷

বুধবাৰে বৰপেটাৰ নিকটবৰ্তী মন্দিয়াৰ জামে মছজিদ আৰু কবৰস্থানৰ বাবে বৰপেটা সত্ৰৰ ৫ বিঘা মাটি আনুষ্ঠানিক ভাবে হস্তান্তৰ কৰা হয় ৷ মাটি হস্তান্তৰ উপলক্ষে মন্দিয়াত এক ৰাজহুৱা সভাও অনুষ্ঠিত হয় ৷

মন্দিয়া জামে মছজিদ পৰিচালনা সমিতিৰ উদ্যোগত আয়োজিত ৰাজহুৱা সভাখনত বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠককে ধৰি সত্ৰ পৰিচালনা সমিতিৰ একাংশ বিষয়ববীয়া উপস্থিত থাকে ৷ মন্দিয়া জামে মছজিদ পৰিচালনা সমিতিৰ তৰফৰ পৰা ডেকা সত্ৰীয়াসহ বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷

উল্লেখ্য যে বৰপেটা সত্ৰৰ প্ৰয়াত বুঢ়া সত্ৰীয়া বশিষ্ঠ দেব শৰ্মা জীৱিত থকা সময়ছোৱাত মন্দিয়াৰ জামে মছজিদ আৰু কবৰস্থানক ভূমি দান কৰাৰ বাবে এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৷

সেয়েহে ৰাজহুৱা সভা আৰম্ভ কৰাৰ পূৰ্বে বুঢ়া সত্ৰীয়াগৰাকীৰ স্মৃতি সুঁৱৰি জামে মছজিদ পৰিচালনা সমিতিৰ তৰফৰ পৰা তেখেতৰ প্ৰতিচ্ছৱিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷ ইপিনে জামে মছজিদ পৰিচালনা সমিতিৰ লগতে বৃহত্তৰ মন্দিয়া অঞ্চলৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ বদান্যতাত সন্তোষ প্ৰকাশ কৰে ৷

যি সময়ত একাংশ লোকে সত্ৰৰ মাটি বেদখল কৰি এক অনাহুত পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে সেই সময় ছোৱাত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেব স্থাপিত বৰপেটা সত্ৰই মন্দিয়াৰ জামে মছজিদ আৰু কবৰস্থানৰ নামত পাচ বিঘা মাটি দান দি এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি সচেতন মহলত চৰ্চিত হৈছে ৷

বৰপেটা সত্ৰৰ মাটি মছজিদ-কবৰস্থানক দানঃ হিন্দু - মুছলিমৰ সম্প্ৰীতিৰ অনন্য নিদৰ্শন...
ভাৰতীয় স্পীনাৰৰ কৰিস্মাত দিশহাৰা কেংগাৰুবাহিনীঃ নায়কলৈ পৰিণত ছাৰ জাদেজা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in