/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/7a06a4f0-4566-47be-b44a-7be7088e11bb/bebejiya.jpg)
ফুলগুৰি ৰাজ্যিক চিকিৎসালয় পৰিদৰ্শন
ডিজিটেল সংবাদ, বেবেজীয়াঃ শিক্ষা বিভাগৰ গুণোৎসৱৰ লেখিয়াকৈ ৰাজ্যত ৬ মাৰ্চৰ পৰা আৰম্ভ হোৱা স্বাস্থ্য সেৱা উৎসৱৰ শনিবাৰে সামৰণি পৰে ৷ তদুপলক্ষে আজি নগাঁও জিলাৰ বাৰপূজীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত ফুলগুৰি ৰাজ্যিক চিকিৎসালয়ত অসম চৰকাৰৰ সহকাৰী সচিব কবিতা ডেকা উপস্থিত হৈ চিকিৎসালয়খনৰ স্বাস্থ্যসেৱাৰ মানৰ বুজ লয় । লগতে চিকিৎসালয়খনৰ জন্ম আৰু মৃত্যু পঞ্জীয়ন কেন্দ্ৰটিৰ কামকাজৰ বুজ লয় ৷
বিষয়াগৰাকীয়ে অসম চৰকাৰে প্ৰথমবাৰৰ বাবে আয়োজন কৰা স্বাস্থ্য উৎসৱে ৰাজ্যৰ স্বাস্থ্যখণ্ডত সদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব বুলি আশা প্ৰকাশ কৰে ৷ বিষয়া গৰাকী সংগ দিয়ে নগাঁও জিলা বাহকজনিত ৰোগ নিয়ন্ত্ৰণ আঁচনিৰ পৰামৰ্শদাতা শ্বেহনাজ বেগমে ৷ ইয়াৰ পূৰ্বে ৬ মাৰ্চত স্বাস্থ্য কেন্দ্ৰটিত বহিঃ মূল্যায়ক ৰূপে উপস্থিত আছিল জিলা সহকাৰী আয়ুক্ত অদিতি বৰ্মন আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা ডা° তনুশ্ৰী দেৱনাথ ৷
দুয়োগৰাকী বহিঃ মূল্যায়কে চিকিৎসালয় খনৰ সামগ্ৰিক স্বাস্থ্য সেৱা, ৰোগীৰ পঞ্জীয়ন আৰু চিকিৎসা, চৰকাৰৰ স্বাস্থ্য আঁচনিৰ ফলক, বিশুদ্ধ খোৱা পানী, নলা ব্যৱস্থা, জন্ম মৃত্যু পঞ্জীয়ন, প্ৰসূতি কক্ষ, ফাৰ্মাচী, আপাদকালিন সেৱা, জন্ম নিয়ন্ত্ৰণ, টিকাকৰণকে সকলো স্বাস্থ্য সেৱাৰ পৰ্যালোচনা কৰাৰ লগতে উপস্থিত ৰোগীৰ লগতে ফাৰ্মাচিষ্ট, এ এন এম, জি এন এম, হেল্থ এডুকেটৰ, আশা চুপাৰভাইজাৰ, আশাসকলৰ সৈতে মত বিনিময় কৰে ৷
ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ বহিঃ মূল্যায়ক সকলক আৰম্ভণিতে চিকিৎসালয়ৰ তৰফৰ পৰা এম পি ডব্লিউ কল্যাণ কুমাৰ বৰাই আঁত ধৰা এক অনুষ্ঠানত মুৰব্বী চিকিৎসা বিষয়া ডা° শ্বাদিকুল আমিন, পৰিচালনা সমিতিৰ সভাপতি যতীন ডেকা আৰু এবিপিএম বাবুল ভৰালী, ফাৰ্মাচিষ্ট উত্তম নাথয়ে শৰাই - গামোচাৰে আদৰণি জনায় ৷ আনহাতে কালি স্বাস্থ্যউৎসৱ উপলক্ষে ফুলগুৰি ৰাজ্যিক স্বাস্থ্যকেন্দ্ৰ পৰিদৰ্শন কৰে জিলা মুখ্য স্বাস্থ্য বিষয়া ডা° দীগেন চন্দ্ৰ ৰয় আৰু জ্যেষ্ঠ চিকিৎসক ডা° বিশ্বৰূপ বৰগোহাঞিয়ে ৷