অভিনেতা ৰাজীৱ ৰাজনীশৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন

শেষ বিদায় জনাবলৈ গুণমুগ্ধয়ে ভীৰ কৰে অভিনেতা ৰাজীৱ ৰাজনীশৰ নগাঁৱৰ বাসভৱন।
অভিনেতা ৰাজীৱ ৰাজনীশৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন

ডিডিটেল সংবাদ, নগাওঁঃ নিষ্ঠুৰ নিয়তিৰ শীতল কোলাত আশ্ৰয় ল'লে নগাঁৱৰ যুৱ অভিনেতা ৰাজীৱ ৰাজনীশে।মহানগৰীত এক মটৰচাইকেল দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ গুৱাহাটীৰ নেমকেয়াৰ হাস্পতলত চিকিৎসাধীন হৈ আছিল যুৱ অভিনেতাগৰাকী। মঙ্গলবাৰে নেমকেয়াৰতে মৃত্যু হয় অভিনেতাগৰাকীৰ। ইয়াৰ পিছতে শোকৰ ছাঁ পৰে অসমীয়া চলচিত্ৰ জগতত।

যুৱ অভিনেতা ৰাজীৱ ৰাজনীশৰ মৃতদেহ বুধবাৰে বিয়লি গুৱাহাটীৰ নেমকেয়াৰ হাস্পাতালৰ পৰা পোনে পোনে তেখেতৰ নিজা বাসগৃহ নগাঁৱৰ কৰৈয়ণিলৈ লৈ অনা হয়।

অভিনেতাগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ হাজাৰ হাজাৰ গুণমুগ্ধয়ে ভীৰ কৰে। লগতে চলচিত্ৰ জগতৰ বহু অভিনেতা অভিনেত্ৰীয়ে তেখেতক শেষ বিদায় জনাবলৈ নগাঁৱৰ বাসভৱনত উপস্থিত হয়। উল্লেখ্য যে অভিনেতা গৰাকীয়ে মৃত্যুৰ সময়ত পত্নী, কণমানি কন্যা শিশুটিৰ লগতে মাক দেউতাকক এৰি থৈ গৈছে।

বুধবাৰে অভিনেতা গৰাকীৰ নশ্বৰ দেহ উৰিয়াগাওঁ, হেঙুলীচুক, পলাশনী, কঢ়ালিগাঁৱকে ধৰি ১২ খন গাঁৱত গুণমুগ্ধয়ে সমদল উলিয়াই। কেইবাটা স্থানত গুণমুগ্ধয়ে ফুলেৰে ৰাজীৱৰ মৃতদেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ইয়াৰ পাছতে স্থানীয় ৰাইজ আৰু গুণমুগ্ধ সকলৰ উপস্থিতিত বৰডোঙা পথাৰত তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়।

অভিনেতা ৰাজীৱ ৰাজনীশৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন
ৰঙিয়াত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক অধিৱেশন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in