/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/cf7e42b4-9962-4868-a516-04f1a9df63dc/213.jpg)
ডিজিটেল সংবাদ,উৰিয়াগাঁও : নগাঁও ফৌজদাৰীপট্টিৰ কলা মন্দিৰত যোৱা ৭ ফেব্ৰুৱাৰীৰ সন্ধিয়া মঞ্চস্থ হৈ যায় 'আবেলিৰ গান' নামৰ এখনি সামাজিক নাটক। বিশিষ্ট গল্পকাৰ, লেখক, জ্যেষ্ঠ সাংবাদিক গুৰমাইল সিঙৰ এটি গল্পৰ আধাৰত তথা গল্পকাৰগৰাকীৰ নাট্যৰচনাৰে প্ৰথমবাৰৰ বাবে মঞ্চস্থ হয় নাটকখনি।
যুৱ নাট্যকৰ্মী গৌৰাংগ বৰাৰ পৰিচালনা আৰু পৰিকল্পনাৰে 'ৰূপান্তৰ'ৰ প্ৰযোজনাত মঞ্চস্থ হোৱা 'আবেলিৰ গান' যথাৰ্থতে এক সংলাপধৰ্মী নাটক। অশান্ত অসমৰ এছোৱা সময়ক লৈ ৰচিত হৈছে এই নাটকখনি। সেই সময়ৰ বহু যুৱক -যুৱতীৰ স্বাভাৱিক জীৱন বিঘ্নিত হৈছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/b21251bd-abc1-41f7-b71d-4ab5a3a96914/d4258617_08a1_4291_9a7b_e3e54cd39dfa.jpg)
আশাবোৰ থান-বান হৈছিল । পথচ্যুত হৈছিল অজস্ৰজন। এনে এখন বিদীৰ্ণ সমাজৰ কৰুণ বিননি নাটখনিৰ জৰিয়তে প্ৰতিফলিত কৰা হৈছে। ইয়াৰ মাজতো জীৱনৰ নিষিদ্ধ আনন্দৰ সন্ধানত ব্যস্ত আছিল সমাজৰ অনেক চিনাকি মুখ।
কোনো নিৰ্দিষ্ট বাৰ্তাৰ অবিহনেই আমাৰ পৰিচিত সমাজৰ চিনাকি মুখৰ দুটা বিপৰীতধৰ্মী দিশৰ উপস্থাপনৰ জৰিয়তে দৰ্শকৰ বিমল মনোৰঞ্জনৰ উদ্দেশ্যে নাটখনি ৰচনা কৰা হৈছে বুলি জনায়। নাটকখনিত অভিনয় কৰে ড০ চন্দন হাজৰিকা, গৌৰাংগ বৰা, কাব্যৰূপা বৰা আৰু ৰুলি শইকীয়াই। নাটৰ ৰূপসজ্জা প্ৰশান্ত বৰাৰ।
সংগীত অভিনাশ দাস, পোহৰ সজ্জা লক্ষ্যজ্যোতি শইকীয়া আৰু পোহৰ ব্যৱস্থাপনা প্ৰশান্ত বৰাৰ। নাটখনিৰ সফল মঞ্চায়নে দৰ্শকক প্ৰথমৰে পৰা অন্তিম মুহূৰ্তলৈকে মোহাচ্ছন্ন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/903b82fa-abdf-4b37-be59-68ee9155d3fa/dd98b4e4_e2d1_4ff7_bbe9_5ec9f1fbcfd1.jpg)
সমালোচকৰ মতে, এগৰাকী সাধাৰণ দৰ্শকৰ দৃষ্টিৰে চাবলৈ গ'লে নাটখনি উপস্থাপনৰ বেলিকা অভিনয় শিল্পীসকলে সামগ্ৰিক ভাৱে সুন্দৰ অভিনয়ৰে সকলো দৰ্শককে সন্মোহিত কৰিছিল। ইফালে, এক বাস্তৱধৰ্মী কাহিনীক নাট্যৰূপ দিবলৈ যাওঁতে নাট্যকাৰে বিভিন্ন দিশ চালি-জাৰি চাই সংযোজন-বিয়োজন কৰা যেন লাগে। আনুষংগিক দিশতো খুটি-নাটি উলিয়াবলৈকো বিচাৰি ফুৰিব লাগিব সাধাৰণ দৰ্শকে।
মুঠতে নাটখনি সফলতাৰে মঞ্চস্থ কৰাৰ ক্ষেত্ৰত আটায়ে যথেষ্ঠ কষ্ট স্বীকাৰ কৰা বুলিব লাগিব। দৰ্শকে আগলৈকো নাট্যকাৰগৰাকীৰ আন নাট আৰু উপভোগ কৰিবলৈ পাব বুলি আশা ৰাখিছে।