Advertisment

নগাঁৱত আব্দুৰ ৰহমানৰ দেহাৱসান...

নগাঁৱত অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়া আব্দুৰ ৰহমানৰ দেহাৱসান

author-image
Asomiya Pratidin
New Update
 নগাঁৱত আব্দুৰ ৰহমানৰ দেহাৱসান...

ডিজিটেল সংবাদ, নগাঁও: নগাঁও চহৰৰ সমীপৱৰ্তী বেঙেনাআটি গাঁৱৰ নিবাসী তথা অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়া আব্দুল ৰহমানে নিজা বাসভৱনত ইহলীলা সম্বৰণ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৬ বছৰ। ৰহমান কিছুদিন ধৰি বাৰ্ধক্যজনিত কাৰণত অসুস্থ হৈ নিজ ঘৰতে চিকিৎসাধীন হৈ আছিল।

Advertisment

১৯৩৭ চনত বেঙেনাআটিত জন্ম গ্ৰহণ কৰা ৰহমানে চৰকাৰী বালক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ নগাঁও মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত অসম চৰকাৰৰ অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগত নিযুক্তি লাভ কৰে। তেওঁ চাকৰিকালত নগাঁও, হোজাই, গোৱালপাৰাকে ধৰি ৰাজ্যৰ বিভিন্ন জিলাত দায়িত্ব পালন কৰি ১৯৯৪ চনত বিভাগটোৰ পৰিদৰ্শক হিচাপে অৱসৰ গ্ৰহণ কৰে।

তেখেতৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে গুণমুগ্ধ আহি বাসগৃহত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। উল্লেখ্য যে, নগাঁৱৰ বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠানৰ লগত জড়িত হৈ সমাজখনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত অৰিহণা যোগাইছিল ৰহমানদেৱে। তদুপৰি ৰহমানদেৱ এগৰাকী সুদক্ষ ফুটবল খেলুৱৈ হোৱাৰ লগতে আধুনিক কৃষি পদ্ধতি প্ৰয়োগেৰে কৃষিকাৰ্য কৰি এগৰাকী আদৰ্শ আৰু প্ৰগতিশীল কৃষক হিচাপেও নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছিল। ১৯৮৩ চনত জুয়েপোৰা অসমৰ বৃহত্তৰ মৰিকলং বেঙেনাআটি অঞ্চলত সাম্প্ৰদায়িক সম্প্ৰীতি অক্ষুন্ন ৰখাত উল্লেখনীয় ভূমিকা পালন কৰিছিল। লগতে ১৯৬৬ চনৰে পৰা বেঙেনাআটি আঞ্চলিক কবৰস্থান আৰু ইদগাহৰ বিভিন্ন দায়িত্বভাৰ গ্ৰহণ কৰি থকাৰ লগতে ৩০ বছৰ কাল একেৰাহে সভাপতিৰ গুৰু দায়িত্ব পালন কৰিছিল।

মৃত্যুৰ আগমুহূৰ্তলৈকে তেওঁ বেঙেনাআটি আঞ্চলিক কবৰস্থান আৰু ইদগাহৰ উপদেষ্টা হিচাপে দায়িত্ব পালন কৰে। অসম আন্দোলনৰ লগতো জড়িত হোৱা ৰহমান অসম গণ পৰিষদৰ এজন সক্ৰীয় নেতা আছিল। প্ৰয়াত ৰহমান অসম সাহিত্য সভাৰ সদস্য, বেঙেনাআটি মুক্তাৱ স্কুলৰ সভাপতি, মৰিকলং আৰক্ষী চকীৰ অন্তৰ্গত শান্তি কমিটিৰ কাৰ্যকৰী সদস্য, বাৰগঞাঁ ৰাস সমিতি, ছোটহয়বৰ বিহু সমিতি, পূৱ বেঙেনাআটি মছজিদ পৰিচালনা সমিতিৰ লগত জড়িত আছিল। ৰহমানৰ জানাজা দেওবাৰে পুৱা ১০:৩০ বজাত বেঙেনাআটি আঞ্চলিক কবৰস্থানত অৰ্ধ সহস্ৰাধিক লোকৰ উপস্থিতিত সম্পন্ন কৰা হয়। তেওঁৰ মৃত্যুত বিভিন্ন ব্যক্তি, দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

Also Read: প্ৰকাশ পালে বন্যহস্তী মৃত্যুৰ তথ্য...

assam nagaon