প্ৰসংগ- আপৰ সদস্যক আক্ৰমণঃ দোষীক চিনাক্তৰ দাবীৰে আয়ুক্তলৈ পত্ৰ প্ৰেৰণ ৰাজ্যিক সমিতিৰ

প্ৰসংগ- আপৰ সদস্যক আক্ৰমণঃ দোষীক চিনাক্তৰ দাবীৰে আয়ুক্তলৈ পত্ৰ প্ৰেৰণ ৰাজ্যিক সমিতিৰ

author-image
Asomiya Pratidin
New Update
প্ৰসংগ- আপৰ সদস্যক আক্ৰমণঃ দোষীক চিনাক্তৰ দাবীৰে আয়ুক্তলৈ পত্ৰ প্ৰেৰণ ৰাজ্যিক সমিতিৰ

ডিজিটেল ডেস্কঃ আম আদমি পাৰ্টী, অসমৰ সদস্যক প্ৰাণে মৰাৰ চেষ্টা কৰাৰ সন্দৰ্ভত সৰৱ হৈছে ৰাজনৈতিক দলটোৰ নেতৃবিন্দ। এই সন্দৰ্ভত দোষীক কৰায়ত্ত কৰি উচিত শাস্তি প্ৰদানৰ দাবীৰে নগাঁও জিলাৰ আয়ুক্তলৈ এক পত্ৰ প্ৰেৰণ কৰিছে আম আদমি পাৰ্টী যুৱ শক্তি অসমে।

Advertisment

উল্লেখ্য যে, যোৱা ০১ অক্টোবৰ, ২০২৩ দেওবাৰে আদমি পাৰ্টী যুৱ শক্তি নগাঁও জিলা সমিতিৰ সদস্য ৰ'জ ৰছিদ কাকতিক কোনো দুৰ্বৃত্তই প্ৰাণে মৰাৰ চেষ্টা চলায়। সৌভাগ্য ক্ৰমে প্ৰাণ বচাবলৈ সক্ষম হোৱা ৰ'জ ৰছিদ কাকতিয়ে এই সন্দৰ্ভত গোচৰ ৰুজু কৰাৰ পাছতো দোষীক কৰায়ত্ব কৰিব পৰা নাই আৰক্ষীয়ে।

আজি পৰ্যন্ত দোষীক চিনাক্ত কৰিব নোৱৰাৰ বাবেই সংগঠনটোৰ ৰাজ্যিক সমিতিয়ে মঙলবাৰে জিলাখনৰ আয়ুক্তলৈ দাবী সম্বলিত পত্ৰ প্ৰেৰণ কৰে। সংগঠনটোৰ দাবী কাকতিক আক্ৰমণ কৰা দোষীক চিনাক্ত কৰি উচিত শাস্তি প্ৰদান কৰিব লাগে। তদুপৰি কাকতিৰ নিৰাপত্তাৰ ক্ষেত্ৰতো গুৰুত্ব দিব লাগে প্ৰশাসনে।

Also Read: হেলেমত মিছিং স্বায়ত্ব পৰিষদৰ ৰাজহুৱা সভা সম্পন্ন

aam admi party