হেলেমত মিছিং স্বায়ত্ব পৰিষদৰ ৰাজহুৱা সভা সম্পন্ন

হেলেমত মিছিং স্বায়ত্ব পৰিষদৰ ৰাজহুৱা সভা সম্পন্ন

ডিজিটেল সংবাদ, ছয়দুৱাৰঃ গহপুৰ মহকুমাৰ হেলেম মৌজাৰ অন্তৰ্গত মুকলি গাঁও মিছিং ৰংগমঞ্চত সোমবাৰে মিছিং স্বায়ত্ব পৰিষদৰ এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়।পূব বুৰৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক গন্ধেশ্বৰ মিলিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত ২৫ নং পূব ডিক্ৰং, ২৬ নং লোহিতমুখ আৰু ২৭ নং জীয়াভঁৰলী সমষ্টিৰ বাবে আবণ্টন দিয়া ২০২০-২১, ২০২১-২২ আৰু ২০২২-২৩ বিত্তীয় বৰ্ষৰ ধনেৰে বিভিন্ন আঁচনি ৰূপায়ণ হোৱা সম্পৰ্কে আলোচনা কৰে।

ইয়াৰ জৰিয়তে উক্ত সমষ্টি সমূহৰ ৰাইজ কেনেদৰে উপকৃত হৈছে সেই বিষয়ে পৰ্য্যালোচনা কৰা হয়। উক্ত সভাত তিনিওটা সমষ্টিৰ সাধাৰণ সদস্য-সদস্যা ক্ৰমে দিলীপ পেগু, ৰেখা কুটুম আৰু ৰাজু চিন্তে উপস্থিত থাকি ৰূপায়িত হোৱা আঁচনিসমূহৰ খাতিয়ানসমূহ দাঙি ধৰে।

সভাখনত আগন্তুক বিত্তীয় বৰ্ষৰ বাবে পুঁজি আবণ্টন সম্পৰ্কে উপস্থিত সদস্য-সদস্যাসকলে ৰাইজক বুজাই কয়। সভাখনত উপস্থিত ৰাইজৰ হৈ বীৰেণ পায়েং, ৰাজীৱ কাৰ্ডং, খগেন পায়েঙে মতামত দাঙি ধৰে। সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মিছিং স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া পৰমানন্দ চায়েঙীয়াই মিছিং জাতিৰ সৰ্বাংগীন উন্নয়নৰ বাবে ৰূপায়ণৰ দিহা কৰা বিভিন্ন আঁচনিৰ বিষয়ে ৰাইজক অৱগত কৰি এইক্ষেত্ৰত ৰাইজৰ ইতিবাচক সহযোগিতা কামনা কৰে।

সভাখনত অভ্যৰ্থনা সমিতিৰ উপদেষ্টা কিৰণ কাৰ্ডং, সভাপতি টেটুন মিলি, সম্পাদক প্ৰণৱ কাৰ্ডং, সহকাৰী সম্পাদক প্ৰদীপ পাটগিৰি আৰু শোণিতপুৰ জিলাৰ টি এম পি কেৰ সাংগঠনিক সম্পাদক মণিৰাম কাৰ্ডং উপস্থিত থাকি অতিথিসকলক সাদৰ সম্ভাষণ জ্ঞাপন কৰে। সভাখনৰ পূৰ্বে প্ৰকৃতিপ্ৰেমী মাৰ্কা নৰহৰ নেতৃত্বত বৃক্ষৰোপণৰ এক কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

হেলেমত মিছিং স্বায়ত্ব পৰিষদৰ ৰাজহুৱা সভা সম্পন্ন
কাজিৰঙা অধ্যয়ন চক্ৰৰ উদ্যোগত বিশ্ব মানসিক স্বাস্থ্য দিৱস উদযাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in