বেবেজীয়াত শিশু-যুৱ আৰু আই-মাতৃ সমাৰোহৰ সামৰণি

বেবেজীয়াত শিশু-যুৱ আৰু আই-মাতৃ সমাৰোহৰ সামৰণি

author-image
Asomiya Pratidin
New Update
বেবেজীয়াত শিশু-যুৱ আৰু আই-মাতৃ সমাৰোহৰ সামৰণি

ডিজিটেল সংবাদ,বেবেজীয়া : শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলাৰ আইলক্ষ্মী আঞ্চলিক শাখাৰ ৬৩ সংখ্যক শিশু-যুৱ আৰু আইমাতৃ সমাৰোহ শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে টোকোলাইৰ শংকৰ-মাধৱ নামঘৰত অনুষ্ঠিত হৈ যায়। খাটগুৰি, বিষ্ণুজ্যোতি,হৰিদাস, নামধৰ্ম, সূৰ্যবৰ, শ্ৰীমন্ত বিৰহ বেবেজীয়া,গোপালদেৱ প্ৰাথমিক শাখাৰ আতিথ্যত অনুষ্ঠিত এই শিশু, যুৱ আৰু আইমাতৃ সমাৰোহত দিহানাম,থিয়নাম, বৰগীত আদি প্ৰতিযোগিতা অনুষ্ঠিত হয়।

Advertisment

কাৰ্যসূচী অনুসৰি পুৱা প্ৰাতঃ প্ৰসঙ্গ, পৰিৱেশ নিকাকৰণ,পতাকা উত্তোলন,নাম প্ৰসঙ্গৰ পিছত দিনৰ ১১ বজাৰ পৰা প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হয়। শিশু, যুৱ আৰু আইমাতৃ সমাৰোহৰ উদ্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন মূলৰ সদস্য ৰুদ্ৰ শইকীয়াই।

সন্ধিয়া আইলক্ষ্মী আঞ্চলিক শাখাৰ বাকচ-বনিয়া শিল্পী সকলে অংকীয়া নাট "ৰাম বিজয়" মঞ্চায়ন কৰে। সমাৰোহখনি সফলভাৱে অনুষ্ঠিত কৰাৰ বাবে আইলক্ষ্মী আঞ্চলিক শাখাৰ সভাপতি ফনীন্দ্ৰ বৰা আৰু সম্পাদক কমল চন্দ্ৰ ডেকাই সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে।

Also Read: ভ্ৰাম্যমাণ নাট্য জগতৰ মহীৰূহ-সংগীতজ্ঞ দশৰথ দাস আৰু নাই

bebejiya sanakar sangha