আৰ্থিক স্বাৱলম্বীতাৰ ব্যতিক্ৰমী দৃষ্টান্ত নগাঁৱৰ এগৰাকী যুৱতীৰ...

আৰ্থিক স্বাৱলম্বীতাৰ ব্যতিক্ৰমী দৃষ্টান্ত নগাঁৱৰ এগৰাকী যুৱতীৰ...

author-image
Asomiya Pratidin
New Update
আৰ্থিক স্বাৱলম্বীতাৰ ব্যতিক্ৰমী দৃষ্টান্ত নগাঁৱৰ এগৰাকী যুৱতীৰ...

আৰ্থিক স্বাৱলম্বীতাৰ ব্যতিক্ৰমী দৃষ্টান্ত নগাঁৱৰ এগৰাকী যুৱতীৰ...

ডিজিটেল সংবাদ বঢ়মপুৰঃ যিটো সময়ত এটা চৰকাৰী সংস্হাপনৰ বাবে নিবনুৱা যুৱক-যুৱতীসকলে ঢাপলি মেলিছে সেই সময়তে নগাঁৱৰ এগৰাকী উচ্চ শিক্ষিতা যুৱতীৰ স্বাৱলম্বীতাৰ ব্যতিক্ৰমী দৃষ্টান্তই সকলোকে আকৰ্ষণ কৰিছে। উচ্চ শিক্ষা গ্ৰহণ কৰিথকাৰ সমান্তৰাল ভাৱে যুৱতীগৰাকীয়ে মোকোলাই লৈছে আত্মসংস্হাপনৰ বাট ।

Advertisment

গাহৰি কুকুৰা পালনৰ দৰে কুকুৰ প্ৰতিপালনৰ জৰিয়তেও স্বাৱলম্বীতাৰ দিশত আগুৱাই যোৱাৰ এক উৎকৃষ্ট নিৰ্দশন দাঙি ধৰিছে নগাঁও গোমোঠাগাঁৱৰ এগৰাকী উচ্চশিক্ষিতা যুৱতীয়ে। ব্যতিক্ৰমী যুৱতীগৰাকীৰ নাম বন্তি নেওগ।

বন্তি নেওগ নামৰ যুৱতীগৰাকীয়ে বিগত পাঁচ বছৰ ধৰি ব্যৱসায়িক ভিত্তিত কুকুৰ প্ৰতিপালন কৰি সক্ষম হৈছে লাভবান হ'বলৈ, সক্ষম হৈছে স্বাৱলম্বী হ'বলৈ।কুকুৰ প্ৰতিপালন কৰাৰ নামত দৈনিক ২০০০ টকাকৈ ব্যয় কৰি যুৱতীগৰাকীয়ে বৰ্তমান পাঁচটাকৈ ভিন্ন প্ৰজাতিৰ মুঠ ১২ পৰা ২০ টা কুকুৰ প্ৰতিপালন কৰিছে ।

যুৱতীগৰাকীয়ে পাঁচৰ পৰা দহ হাজাৰ টকা মূল্যৰ বিনিময়ত গ্ৰাহকৰ হাতত তুলি দিয়ে ভিন্ন প্ৰজাতিৰ কুকুৰ ।গ্ৰাহকৰ মনোগ্ৰাহী হোৱাকৈ যুৱতীগৰাকীয়ে ৰাখিছে বিভিন্ন প্ৰজাতিৰ কুকুৰ ।

সৰুৰে পৰা স্বাধীনতা ভাৱে কিবা এটা কৰাৰ মনত হেঁপাহ পুহি ৰখা বন্তি নেওগে এটা দেশীয় কুকৰৰ পৰাই আৰম্ভ কৰিছিল এই ব্যৱসায়। যুৱতীগৰাকীৰ এই সুকীয়া বৃত্তিটোক পিতৃ-মাতৃয়েও সহযোগ কৰি আগবঢ়াই নিয়াত সহায় কৰিছে ।

আনহাতে বৃহত্তৰ বঢ়মপুৰ অঞ্চলত থকা একমাত্ৰ পশু চিকিৎসালয়খনত ৰোগগ্ৰস্ত কুকুৰৰ চিকিৎসা সহজলভ্য নোহোৱাৰ বাবে বিপাঙত পৰিছে যুৱতীগৰাকী ।

Also Read: ৫০৮ টা ৰে'ল ষ্টেচনৰ পুনৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন...

বঢ়মপুৰ কুকুৰ পালন