৫০৮ টা ৰে'ল ষ্টেচনৰ পুনৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন...

৫০৮ টা ৰে'ল ষ্টেচনৰ পুনৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন...

author-image
Asomiya Pratidin
New Update
৫০৮ টা ৰে'ল ষ্টেচনৰ পুনৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন...

৫০৮ টা ৰে'ল ষ্টেচনৰ পুনৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন...

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি দেশৰ মুঠ ৫০৮ টা ৰে'ল ষ্টেচনৰ পুনৰ নিৰ্মাণৰ বাবে দিল্লীৰ পৰা ভাৰ্ছুৱেলী আধাৰশিলা স্থাপন কৰে। উল্লেখ্য, 'অমৃত ভাৰত ষ্টেচন' আঁচনিৰ অধীনত দেশৰ মুঠ ১৩০৯ টা ৰেল ষ্টেচন পুনৰ নিৰ্মাণৰ পৰিকল্পনা হাতত লৈছে কেন্দ্ৰীয় চৰকাৰে।

Advertisment

ইয়াৰে প্ৰথম পৰ্যায়ত পুনৰ নিৰ্মাণ কৰিবলগীয়া ৫০৮ টা ৰে'ল ষ্টেচনৰ আধাৰশিলা আজি প্ৰধানমন্ত্ৰী মোডীয়ে স্থাপন কৰে। অমৃত ভাৰত ষ্টেচন আঁচনিৰ বাবে নিৰ্ধাৰণ কৰা হৈছে মুঠ ২৪ হাজাৰ৪৭০ কোটি টকা।

আগন্তুক ৪০ বছৰৰ বাবে পৰিকল্পনা কৰি পুনৰ নিৰ্মাণৰ কৰিবলৈ লোৱা ৰে'ল ষ্টেচনসমূহৰ এই প্ৰকল্প প্ৰধানমন্ত্ৰী মোডীয়ে নিজেই তদাৰক কৰিছে। প্ৰকাশ পোৱা অনুসৰি এই ৰে'ল ষ্টেচনসমূহৰ নক্সা স্থানীয় সংস্কৃতি, স্থাপত্য কলা আৰু ঐতিহ্যৰ দিশটোক আগত ৰাখি প্ৰস্তুত কৰা হৈছে।

ভাৰতীয় ৰে'ল যাত্ৰীসকলক বিশ্বমানৰ সুবিধা প্ৰদান কৰাৰ লক্ষ্যৰে এই আঁচনি গ্ৰহণ কৰা হৈছে। ৰে'ল ষ্টেচনসমূহ পুনৰ নিৰ্মাণৰ ফলত যাত্ৰীসকলে বিনামূলীয়াকৈ ৱাইফাই, খোৱা পানী, আধুনিক অনাময় ব্যৱস্থাৰ সুবিধা, চিচি টিভিৰ পৰ্যবেক্ষণ, দিব্যাংগৰ বাবে বিশেষ সুবিধা আদি লাভ কৰি।

আজিৰ এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোডীয়ে কয়, বিকাশৰ লক্ষ্যৰ দিশে আগবাঢ়ি যোৱা ভাৰত অমৃত কালৰ আৰম্ভণিতে আছে। নতুন শক্তি, নতুন অনুপ্ৰেৰণা আৰু নতুন সংকল্পৰ মনোভাৱেৰে ভাৰতীয় ৰে'লৰ ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা হৈছে।

ইয়াৰোপৰি তেওঁ কয়, চৰকাৰেৰেল ষ্টেচনসমূহক চহৰ আৰু ৰাজ্যসমূহৰ পৰিচয়ৰ সৈতে সংযোগ কৰিবলৈ 'ৱান ষ্টেচন ৱান প্ৰডাক্ট' আঁচনি আৰম্ভ কৰিছে।এই আঁচনিয়ে এটা অঞ্চলৰ জনসাধাৰণ, শ্ৰমিক আৰু শিল্পীসকলৰ লগতে জিলাখনৰে ব্ৰেণ্ডিং উপকৃত কৰিব।

স্মৰ্তব্য যে, অমৃত ভাৰত ষ্টেচন আঁচনিয়ে ৰঙিয়া ডিজিজনৰ মুঠ ১৫ টা ৰে'ল ষ্টেচনকো সামৰি লৈছে। এই ১৫ টা ষ্টেচনৰ ভিতৰত ৪ টা ষ্টেচন ক্ৰমে ৰঙিয়া, নিউ বঙাইগাওঁ, উত্তৰ ৰঙাপাৰা আৰু মেঘালয়ৰ মেন্দিপথাৰ ষ্টেচনৰ পুনৰ নিৰ্মাণৰো আধাৰশিলা স্থাপন কৰে। ইয়াৰ বাবে গুৱাহাটীৰ নুনমাটি ষ্টেচনত এই কাৰ্যসূচী অনুষ্ঠিত হয়।

Also Read: বুঢ়াপাহাৰত ভয়ংকৰ দুৰ্ঘটনাঃ শিশুসহ ৮ গৰাকী যাত্ৰী আহত...

নৰেন্দ্ৰ মোডী