নগাঁও কলেজ (অট’নমাচ)ত ‘আৱৰ্জনাৰ পৰা কেঁচুসাৰ প্ৰস্তুতকৰণ প্ৰণালী আৰু ইয়াৰ গুৰুত্ব’ শীৰ্ষক কৰ্মশালা

নগাঁও কলেজ (অট’নমাচ)ত ‘আৱৰ্জনাৰ পৰা কেঁচুসাৰ প্ৰস্তুতকৰণ প্ৰণালী আৰু ইয়াৰ গুৰুত্ব’ শীৰ্ষক কৰ্মশালা

ডিজিটেল সংবাদ ,নগাঁও : নগাঁও কলেজ (অট’নমাচ)ত শুকুৰবাৰে ‘আৱৰ্জনাৰ পৰা কেঁচুসাৰ প্ৰস্তুতকৰণ প্ৰণালী আৰু ইয়াৰ গুৰুত্ব’ শীৰ্ষক কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাখনি অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ উদ্যোগত অনুষ্ঠিত হয়।

উল্লেখযোগ্য যে নগাঁও কলেজৰ ইক’ ক্লাৱ আৰু নগাঁও কলেজৰ প্ৰাণীবিজ্ঞান বিভাগ আৰু প্ৰতিষ্ঠানীয় উদ্ভাৱনী কোষৰ সহযোগত তথা ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ দ্বাৰা সমৰ্থিত উক্ত কৰ্মশালাখনিৰ আয়োজন কৰা হয়।কৰ্মশালাত অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ আঞ্চলিক গৱেষণা কেন্দ্ৰ, চিলঙনিৰ অৱসৰপ্ৰাপ্ত প্ৰধান বিজ্ঞানী ড০ দীনেশ হাজৰিকাই সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে।

ড০ হাজৰিকাই কেঁচুসাৰৰ প্ৰস্তুতপ্ৰণালী, ইয়াৰ গুৰুত্ব সম্পৰ্কে বক্তব্য আগবঢ়ায়। এজন ব্যক্তিয়ে কেনেদৰে ঘৰত কেঁচুসাৰ প্ৰস্তুত কৰিব পাৰে সেই সম্পৰ্কে ব্যাখ্যা আগবঢ়ায়। কৰ্মশালাত অংশগ্ৰহণকাৰীসকলক ঘৰতে কেঁচু সাৰ ব্যৱহাৰ কৰি খেতি কৰিবলৈ তেঁও আহ্বান জনায়।

নগাঁও কলেজৰ আভ্যন্তৰীণ মান আশ্বাসন কোষৰ সমন্বয়ক তথা ইক’ ক্লাৱৰ সমন্বয়ক ড০ ভুৱন চন্দ্ৰ চুতীয়াই নগাঁও কলেজৰ ইক’ক্লাৱৰ কাৰ্যাৱলীৰ এক খতিয়ান দাঙি ধৰে। পুৱা বৃক্ষৰোপণ কাৰ্যসূচীৰে আৰম্ভ হোৱা এই কৰ্মশালাখনত আদৰণী ভাষণ প্ৰদান কৰে কলেজৰ অধ্যক্ষ ড০ ৰঞ্জিৎ কুমাৰ মজিন্দাৰে।

ড০ মজিন্দাৰে জৈৱিক কৃষিৰ গুৰুত্বৰ কথা অৱগত কৰাৰ লগতে কেঁচুসাৰ প্ৰস্তুতকৰণে স্বাৱলম্বিতাৰ ক্ষেত্ৰত বিভিন্ন দিশ মুকলি কৰিব বুলি মন্তব্য কৰে। এনেধৰণৰ কৰ্মশালাই সমাজত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব বুলিও মন্তব্য কৰে।

অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ আঞ্চলিক গৱেষণা কেন্দ্ৰ, চিলঙনিৰ জ্যেষ্ঠ বিজ্ঞানী ড০ অঞ্জুমালা দেৱীয়ে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি কেঁচুসাৰৰ প্ৰস্তুতপ্ৰণালী, উপকাৰিতা সম্পৰ্কে মন্তব্য আগবঢ়ায়। তিনিটা কাৰিকৰী সত্ৰেৰে অনুষ্ঠিত এই কৰ্মশালাত ‘হাতে-কামে কৰা প্ৰশিক্ষণ’ কাৰ্যসূচীৰ সঞ্চালনা কৰে বিশিষ্ট উদ্যোগী তথা বালাৰ্ক উদ্যানৰ প্ৰতিষ্ঠাপক সঞ্জীৱ গোস্বামীয়ে।

গোস্বামীয়ে কেনেদৰে কেঁচুসাৰৰ উন্নত ব্যৱসায় কৰ উদ্যোগ স্থাপন কৰিব পাৰি সেই সম্পৰ্কে মন্তব্য আগবঢ়ায়। অংশগ্ৰহণকাৰীসকলক কেঁচুসাৰৰ ব্যৱসায়ত নিয়োজিত হ’বলৈ তেঁও আহ্বান জনায়।

দিনজোৰা কাৰ্যসূচীৰে আৰম্ভ হোৱা কৰ্মশালাখনত প্ৰাণীবিজ্ঞান বিভাগৰ অধ্যাপক-অধ্যাপিকাৰ লগতে প্ৰাণীবিজ্ঞান বিভাগৰ ছাত্ৰ-ছাত্ৰী আৰু নগাঁও কলেজৰ গৱেষক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। উদ্ভিদ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা ড০ প্ৰিয়াংকী শৰ্মাৰ শলাগৰ শৰাইৰ দ্বাৰা কৰ্মশালাখনৰ অন্ত পৰে। আনহাতে কৰ্মশালাখনিৰ আঁত ধৰে নগাঁও কলেজ (অট’নমাচ) ৰ প্ৰাণীবিজ্ঞান বিভাগৰ মুৰব্বী ড০ ললিত মোহন গোস্বামীয়ে ।

নগাঁও কলেজ (অট’নমাচ)ত ‘আৱৰ্জনাৰ পৰা কেঁচুসাৰ প্ৰস্তুতকৰণ প্ৰণালী আৰু ইয়াৰ গুৰুত্ব’ শীৰ্ষক কৰ্মশালা
মানকাচৰত ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ বিষয়াৰ দলৰ কৃষিপথাৰ পৰ্যবেক্ষণ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in