ভোমোৰাগুৰি লালুং গাঁৱত বিষ্ণু ৰাভা দিৱস উপলক্ষে একক আধুনিক নৃত্য প্ৰতিযোগিতা

ভোমোৰাগুৰি লালুং গাঁৱত বিষ্ণু ৰাভা দিৱস উপলক্ষে একক আধুনিক নৃত্য প্ৰতিযোগিতা

author-image
Asomiya Pratidin
New Update
ভোমোৰাগুৰি লালুং গাঁৱত বিষ্ণু ৰাভা দিৱস উপলক্ষে একক আধুনিক নৃত্য প্ৰতিযোগিতা

ডিজিটেল সংবাদ, বটদ্ৰৱা : নগাঁও জিলাৰ বটদ্ৰৱাৰ ভোমোৰাগুৰি লালুং গাঁৱত বৃহস্পতিবাৰ তথা ২০ জুনৰ দিনা দিনজোৰা কাৰ্য্যসূচীৰে বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হ’ব। ভোমোৰাগুৰি লালুং গাঁৱৰ গুৰুদেৱে পুথিভঁৰালৰ সন্মুখত অনুষ্ঠিত হ'বলগীয়া ৰাভা দিৱস উপলক্ষে পুৱা পতাকা উত্তোলন, বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰা হ'ব।

Advertisment

ইয়াৰোপৰি মাল্যৰ্পণৰ পাছত বিয়লি চিত্ৰাংকন প্ৰতিযোগিতা, কবিতা আবৃত্তি প্ৰতিযোগিতা আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব বুলি উদ্যোক্তাই জনায়। আনহাতে নিশা ৮-০০ বজাৰ পৰা একক আধুনিক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ'ব।

একক আধুনিক নৃত্য প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ ৫০০০ টকাৰ লগতে মানপত্ৰ আৰু ট্ৰফী প্ৰদান কৰা হ'ব। একেদৰে দ্বিতীয় পুৰস্কাৰ হিচাপে ৩০০০ টকাসহ মানপত্ৰ আৰু ট্ৰফী, তৃতীয় পুৰস্কাৰ ২০০০ টকাসহ মানপত্ৰ আৰু ট্ৰফী প্ৰদান কৰিব।

উদ্যোক্তাই জনোৱা অনুসৰি নৃত্য প্ৰতিযোগিতাত চতুৰ্থ পুৰস্কাৰ হিচাপে দিব ১০০০ টকাৰ লগতে মানপত্ৰ আৰু ট্ৰফী। দুটা নিচুকনি পুৰস্কাৰো আগবঢ়োৱা হ'ব বুলি উদযাপন সমিতিৰ তৰফৰ পৰা প্ৰকাশ কৰিছে। সবিশেষ জানিবলৈ ৯১০১১৯২৪৭১ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে উদ্যোক্তাসকলে।

Also Read: ৰাহুল গান্ধীৰ জন্মদিন উপলক্ষে এন এছ ইউ আইৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত ৰক্তদান শিবিৰ

Rabha Divash Dance Competition batadraba