ৰাহুল গান্ধীৰ জন্মদিন উপলক্ষে এন এছ ইউ আইৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত ৰক্তদান শিবিৰ

ৰাহুল গান্ধীৰ জন্মদিন উপলক্ষে এন এছ ইউ আইৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত ৰক্তদান শিবিৰ
Published on
Updated on

ডিজিটেল সংবাদ,মৰিগাঁও : কংগ্ৰেছ নেতা তথা সাংসদ ৰাহুল গান্ধীৰ জন্মদিন উপলক্ষে এন এছ ইউ আইৰ মৰিগাঁও জিলা সমিতিয়ে গ্ৰহণ কৰে বিশেষ পদক্ষেপ। বুধবাৰে জিলা সমিতিৰ উদ্যোগত মৰিগাঁও অসামৰিক চিকিৎসালয়ত এটি ৰক্তদান শিবিৰৰ আয়োজন কৰে।

মৰিগাঁও জিলা সমিতিয়ে অনুষ্ঠিত কৰা এই ৰক্তদান শিবিৰত ভালেকেইগৰাকী কৰ্মীয়ে ৰক্তদান কৰে। ইয়াৰোপৰি লাহৰিঘাট সমষ্টিৰ কংগ্ৰেছ বিধায়ক আছিফ নাজাৰেও ৰক্তদান কৰে।

বুধবাৰে আয়োজন কৰা উক্ত শিবিৰটিত ভালেকেইগৰাকী কংগ্ৰেছ কৰ্মী উপস্থিত থাকে। উল্লেখ্য যে ১৯৭০ চনৰ ১৯ জুনৰ দিনা জন্মলাভ কৰিছিল ৰাহুল গান্ধীয়ে।

ৰাহুল গান্ধীৰ জন্মদিন উপলক্ষে এন এছ ইউ আইৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত ৰক্তদান শিবিৰ
সামাজিক দায়বদ্ধতা নিদৰ্শন দেখুৱাইছে পাটাছাৰকুছিৰ প্ৰাগজ্যোতি ক্লাৱে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in