বটদ্ৰৱাত শিক্ষকে ছাত্ৰৰ যোগান ধৰে নকলঃ বহিষ্কৃত ছাত্ৰ...

ডুমডুমীয়া বালিসত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মেট্ৰিক পৰীক্ষা কেন্দ্ৰৰ সন্মুখত উত্তপ্ত পৰিস্থিতি

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱাত শিক্ষকে ছাত্ৰৰ যোগান ধৰে নকলঃ বহিষ্কৃত ছাত্ৰ...

বটদ্ৰৱাত শিক্ষকে ছাত্ৰৰ যোগান ধৰে নকলঃ বহিষ্কৃত ছাত্ৰ...

ডিজিটেল সংবাদ বটদ্ৰৱাঃ যিমানেই এইবাৰ কটকটীয়া নিৰাপত্তাৰ মাজত অনুষ্ঠিত হৈছে মেট্ৰিক পৰীক্ষা, সিমানেই সংঘটিত হৈছে বিসংগতিও। ৰাজ্যত চলি থকা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মাজতে অনেক পৰীক্ষা কেন্দ্ৰত নকলৰ পয়োভৰ কেমেৰাত ধৰা পৰিছে।

Advertisment

ক’ৰবাত যদি শাহুৱেকৰ হৈ বোৱাৰীয়েকে পৰীক্ষা দিবলৈ আহিছে, আন ক’ৰবাত আকৌ পৰীক্ষা কেন্দ্ৰৰ দেৱাল পাৰ হৈ পৰীক্ষাৰ্থীক নকল যোগান ধৰিছে আত্মীয়, বন্ধুৱে। ক'ৰবাত ফাদিল হৈছে পৰীক্ষাৰ প্ৰশ্নকাকত।

তাৰ মাজতে আজি নগাঁও জিলাৰ বটদ্ৰৱা শিক্ষা খণ্ডৰ অন্তৰ্গত ডুমডুমীয়া বালিসত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মেট্ৰিক পৰীক্ষা কেন্দ্ৰত এজন ছাত্ৰ বহিষ্কাৰৰ ঘটনা সংঘটিত হৈছে। অভিযোগ মতে, এই পৰীক্ষা কেন্দ্রটোৰ এজন নিৰীক্ষকেই ছাত্ৰ জনক যোগান ধৰিছিল নকলৰ।

এই নকল যোগান ধৰা শিক্ষক জনৰ নাম ইকবাল হুছেইন ওৰফে জনতা মাষ্টৰ। তেওঁ জাৰামাৰী চৰ ডি কে বি(DKB) হাইস্কুলৰ শিক্ষক। বহিস্কৃত ছাত্ৰ জন একে বিদ্যালয়ৰে, আলফাজ উদ্দিন (Roll 0604. No. 0278)।

পাছত একাংশ পৰীক্ষা নিয়ন্ত্ৰকে শিক্ষক জনক আবদ্ধ কৰি ৰাখিছিল যদিও, সুযোগ লৈ ইকবাল হুছেইন ওৰফে জনতা মাষ্টৰ কেন্দ্ৰৰ পৰা পলায়ন কৰে। স্থানীয় ৰাইজৰ অভিযোগ মতে, নিৰীক্ষক ইকবাল হুছেইনে বহু ছাত্ৰ-ছাত্ৰীৰ পৰা ২০ৰ পৰা ৩০ হাজাৰ টকাকৈ ধন লৈ এনেদৰে পৰীক্ষাত অসৎ কাৰ্য্য সম্পাদন কৰে।

যাৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ জন বহিষ্কৃত হোৱাৰ পিছত ডুমডুমীয়া বালিসত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰৰ সন্মুখত উতপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ইফালে যোৱা ১৬ তাৰিখৰ পৰা আৰম্ভ হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আজি (দ্বিতীয়টো পৰীক্ষা) সমাজ বিজ্ঞান বিষয়ৰ পৰীক্ষা আছিল।

সমগ্ৰ ঘটনা সন্দৰ্ভত ডুমডুমীয়া বালিসত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় বিদ্যালয়ৰ নৱ নিযুক্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ তথা পৰীক্ষা কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া পৰাগ দেৱনাথে সাংবাদিকৰ সন্মুখত কোনো মন্তব্য প্ৰদান কৰা নাই।

Also Read: প্ৰতিবাদৰ মাজতে কৃষকৰ মৃত্যুঃ ১০ লাখ টকাৰ ক্ষতিপূৰণ দাবী...

বটদ্ৰৱা