/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/07/dangor-khobr-19.jpg)
dangor khabar
ডিজিটেল সংবাদ, কামপুৰঃ এক চাঞ্চল্যকৰ আৰু মানৱ সমাজক লজ্জিত কৰা ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ কচুৱা থানাৰ অন্তুৰ্গত লুটুমাৰীৰ হাতী ফান্দিত।উল্লেখ্য যে হাতী ফান্দি গাঁৱৰ শুকুৰবাৰে সন্ধিয়া অগ্নিদগ্ধ হৈ এখন বিচনাত সম্পূৰ্ণ উলংগ হৈ মৃত্যুৰে যুঁজি থকা এগৰাকী মহিলাক পৰিয়ালৰ লোকে কোনো চিকিৎসা প্ৰদান নকৰাৰ গুৰুতৰ অভিযোগ উঠিছে।
ঘটনাৰ বিষয়ে জানিব পৰা মতে দুই কন্যা সন্তানৰ মাতৃ নমিতা কোঁৱৰ শুকুৰবাৰে সন্ধিয়া কোনো কথাত স্বামী হিতেশ্বৰ কোঁৱৰৰ লগত কাজিয়াৰ সূত্ৰপাত হয়। ইফালে শুকুৰবাৰে পুৱা মহিলাগৰাকীৰ সম্পূৰ্ণ দেহ অগ্নিদগ্ধ হোৱাৰ লগতে উলংগ অৱস্থাত স্থানীয় ৰাইজ আৰু পিতৃ পৰিয়ালে প্ৰত্যক্ষ কৰে। অৱশ্যে এই ঘটনা আত্মহত্যা নে হত্যাৰ চেষ্টা সেই বিষয়ে পিতৃ পৰিয়াল অথবা স্থানীয়লোক জ্ঞাত নহয় ।
কিন্তু নমিতাৰ স্বামী আৰু স্বামীৰ পৰিয়ালে এই ঘটনাক লুকুৱাৰ চেষ্টা চলাই চিকিৎসক অথবা আৰক্ষীৰ ওচৰলৈ যোৱাৰ পৰা বিৰত থাকে। শনিবাৰে বিয়লি নমিতাৰ পিতৃৰ পৰিয়ালে সাংবাদিকক বিষয়টো অৱগত কৰাত সাংবাদিকৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু মহিলা গৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ প্ৰেৰণ কৰে। উল্লেখ্য যে শেহতীয়া তথ্য অনুসৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা কিছু সময় পিছতেই অগ্নিদগ্ধ নমিতাৰ মৃত্যু হয়।
Also Read: ৰঙিয়াৰ সমাজকৰ্মী মনেশ্বৰ তালুকদাৰৰ বিয়োগ...