সামান্য অমনোযোগিতাৰ বাবেই জ্বলি ছাঁয় হ'ল ২০০ বছৰীয়া আহঁতগছ...

সামান্য অমনোযোগিতাৰ বাবেই জ্বলি ছাঁয় হ'ল ২০০ বছৰীয়া আহঁতগছ...
সামান্য অমনোযোগিতাৰ বাবেই জ্বলি ছাঁয় হ'ল ২০০ বছৰীয়া আহঁতগছ...

ডিজিটেল সংবাদ নগাঁও: এক ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰিল নগাঁও চহৰ ডিমৰুগুৰি পানীগাঁও অঞ্চল। পথৰ দাঁতিত থকা এটা জাঁবৰৰ দমৰ জুইৰ পৰা এঙাৰ হ'ল প্ৰায় ২০০ বছৰ পূৰণি এডাল প্ৰকাণ্ড আহঁত গছ।

ঘটনাৰ বিবৰণী অনুসৰি মঙ্গলবাৰে দিনৰ ভাগত কোনো অজ্ঞাত লোকে পথৰ দাঁতিৰ পেলনীয়া জাৱৰ দমত নিস্কাশন কৰাৰ উদ্দেশ্যৰে জুই লগাই। সেই জুই সম্প্ৰসাৰিত হৈ ওচৰতে থকা আহত গছ জোপাত জুই লাগে ।

পাছত একাংশ স্থানীয় লোকে নগাঁও অগ্নিনিৰ্বাপক বাহিনীৰ লোকক খবৰ দিয়ে। লগে-লগে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীসহ এটি দল ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰে যদিও কিছুসময়ৰ পাছত উমি-উমি জ্বলি থকা গছজোপা পুনৰ দপদপাই জ্বলিবলৈ আৰম্ভ কৰে।

পাছত অগ্নিনিৰ্বাপক বাহিনীয়ে দ্বিতীয় বাৰ বহু প্ৰচেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও বৃহৎ আকাৰৰ গছ জোপা জ্বলি এঙাৰত পৰিণত হয়। উল্লেখ্য যে, উক্ত স্থানৰ নিচেই কাষতে এটা গাড়ীৰ শ্ব'ৰোম থকাৰ লগতে ওচৰতে আছে ব্যক্তিগত চিকিৎসালয়, উচ্চ ক্ষমতাসম্পন্ন বৈদ্যুতিক তাৰ আৰু বহু দোকান-পোহাৰ।

গছজোপা এনেদৰে জ্বলি ভষ্মীভূত হোৱাত স্থানীয় প্ৰকৃতিপ্ৰেমী লোক সকলে দুখ প্ৰকাশ কৰে।

সামান্য অমনোযোগিতাৰ বাবেই জ্বলি ছাঁয় হ'ল ২০০ বছৰীয়া আহঁতগছ...
সীমা সমস্যাক লৈ ৰাজহুৱা সভা : অৰুণাচলক ১ ইঞ্চিও মাটি এৰি নিদিয়াৰ অংগীকাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in