/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/0b46a50f-e594-4bda-b1cf-f3f93efb6bb0/351.jpg)
ডিজিটেল সংবাদ,নগাঁও : নগাঁও জিলা ভূমিলেখ্য কৰ্মচাৰী সন্মিলনীৰ ৯২ সংখ্যক দ্বি -বাৰ্ষিক অধিৱেশন নগাঁও সদৰ ৰাজহ চক্ৰৰ কৰ্মচাৰী সন্মিনীৰ উদ্যোগত নগাঁও সদৰ ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ চৌহদত শনিবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে। আজি পুৱা সন্মিলনীৰ নগাঁও জিলা সভাপতি গুণাৰাম বনিয়াই পতাকা উত্তোলনৰে অধিবেশনৰ শুভাৰম্ভ কৰে।
স্মৃতি তৰ্পন অনুষ্ঠান মুকলি কৰে সম্পাদক অকণ পাটৰে। ইয়াৰ পিছতে জিলাখনৰ অৱসৰপ্ৰাপ্ত ভূমিলেখ্য কৰ্মচাৰীসকলক সম্বৰ্ধনা জনোৱা হয়। দিনৰ ১১ বজাৰ পৰা মুকলি সভা অনুষ্ঠিত হয়। এটি সমবেত সংগীতেৰে মুকলি সভা আৰম্ভ কৰা হয়।
সদৌ অসম ভূমিলেখ্য কৰ্মচাৰী সন্মিলনীৰ মূখ্য উপদেষ্টা অমুল্য কলিতাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত আদৰণি ভাষণ প্ৰদান কৰে নগাঁও সদৰ ৰাজহ চক্ৰ বিষয়া কে ইশান সিংহই। সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই বৰ্তমানৰ ৰাজ্য চৰকাৰে ভুমি সংস্কাৰৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে উল্লেখ কৰি কয় যে চৰকাৰে মিছন বসুন্ধৰাৰ জৰিয়তে অসমৰ ভূমি সমস্যা সমাধানৰ পদক্ষেপ গ্ৰহণ কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/563ca473-dd53-47fc-858c-de250bedf82f/cdba5c09_bbf1_4617_be7b_c94eddeaba2a.jpg)
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এইক্ষেত্ৰত গ্ৰহণ কৰা যুগান্তকাৰী পদক্ষেপৰ বিধায়কগৰাকীয়ে প্ৰশংসা কৰে। সভাৰ উদ্ধোধনী ভাষণ প্ৰদান কৰে নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে।
সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰি পুৰণিগুদাম বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড০ কমল শইকীয়াই অসমৰ ভূমি সমস্যাৰ বিভিন্ন দিশ উল্লেখ কৰি কয় যে প্ৰশাসনৰ বিশাল আন্তঃ গাঁঠনিৰ কাম মূলতঃ ৰাজহ বিভাগৰ বিষয়া কৰ্মচাৰীসকলে কৰিব লাগে।
পূৰ্বৰ তুলনাত এই বিষয়া কৰ্মচাৰীৰ দ্বায়িত্ব আৰু কৰ্তব্যৰ পৰিষৰ বৃদ্ধি পাইছে। কামৰ বোজাও বৃদ্ধি হৈছে। তাৰ মাজতো এই বিষয়া কৰ্মচাৰী সকলে জাতীয় দ্বায়বদ্ধতাৰে কাম কৰিব লাগিব বুলি ড০ শইকীয়াই মন্তব্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/9730f161-d001-4f70-b805-61247291c0f0/d4a2353c_1dea_4d3e_82b3_89c014c18c3a.jpg)
বিশিষ্ট সাহিত্য সমালোচক অৰিন্দম বৰকটকীয়ে ভাষণ প্ৰদান কৰি কয় যে, ৰাজনৈতিক, অৰ্থনৈতিক সমস্যা আদিৰ সংঘাতৰ মূল কাৰণ হৈছে ভুমিকেন্দ্ৰিক। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা ভূমিনীতিৰ প্ৰশংসা কৰে বৰকটকীয়ে।
বিশিষ্ট গৱেষক মিলন নেওগে অসমৰ ভূমি সমস্যাৰ বিভিন্ন দিশ বিস্তাৰিতভাৱে উল্লেখ কৰে। সভাত প্ৰাক্তন বিধায়ক ডা০দুৰ্লভ চমুৱাই ভূমি সম্পৰ্কীয় দিশসমূহৰ বিষয়ে ব্যাখ্যা দাঙি ধৰে। সভাত ৰূপহী ৰাজহ চক্ৰ বিষয়া মৃগাক্ষী দাস, শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ন্যাসৰক্ষী খগেন মেহেলা, অধ্যাপক ড০ স্বপনজ্যোতি নাথ,নগাঁও জিলা সত্ৰ মহাসভাৰ সম্পাদক দিগন্ত প্ৰকাশ মহন্ত, সাংবাদিক কনক হাজৰিকা ,মুৰুলী বৰুৱা, পৰিজ্ঞান কলিতা, সমাজকৰ্মী ভাৰত গোস্বামী , শিল্পী সপোনটি বৰদলৈ , অধিৱেশনৰ আদৰণি সমিতিৰ সভাপতি চাইফুল ইছলাম সম্পাদক লুইত মহন্ত , প্ৰেমকান্ত হাজৰিকাৰ লগতে জিলাখনৰ ৭টা ৰাজহ চক্ৰৰ বিষয়া-কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/b2a576d6-bf39-4803-aa69-24a9dc911df6/ce625fa8_09d6_485a_a64c_3dcc9faaf2c1.jpg)
সন্ধিয়া ৯২ গছি বন্তি প্ৰজ্বলন অনুষ্ঠান মুকলি কৰে সন্মিলনীৰ জেষ্ঠ সদস্য হৰেন বৰাই। ইয়াৰ পিছতে স্থানীয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। সমগ্র অনুষ্ঠানৰ আঁত ধৰে অংশুমান গোস্বামীয়ে।
ইফালে দেওবাৰে পুৱা প্ৰতিনিধি পঞ্জীয়ন কৰাৰ পিছত প্ৰতিনিধি সভা আৰু বিষয় বাচনি সভা অনুষ্ঠিত হ'ব। প্ৰতিনিধি সভা উদ্ধোধন কৰিব সদৌ অসম ভূমিলেখ্য কৰ্মচাৰী সন্মিলনীৰ সহকাৰী সম্পাদক কুকিল মৰাণে। সন্ধিয়া নিমন্ত্ৰিত শিল্পীৰ সাংস্কৃতিক অনুষ্ঠানেৰে অধিৱেশনৰ সামৰণি পৰিব।
Also Read: কংগ্ৰেছী সাংসদৰ ঘৰত ৩০০ কোটি নগদ ধন জব্দ : ধেমাজি জিলা বিজেপিৰ প্ৰতিবাদ