কংগ্ৰেছী সাংসদৰ ঘৰত ৩০০ কোটি নগদ ধন জব্দ : ধেমাজি জিলা বিজেপিৰ প্ৰতিবাদ

কংগ্ৰেছী সাংসদৰ ঘৰত ৩০০ কোটি নগদ ধন জব্দ : ধেমাজি জিলা বিজেপিৰ প্ৰতিবাদ

author-image
Asomiya Pratidin
New Update
কংগ্ৰেছী সাংসদৰ ঘৰত ৩০০ কোটি নগদ ধন জব্দ : ধেমাজি জিলা বিজেপিৰ প্ৰতিবাদ

ডিজিটেল সংবাদ,ধেমাজি : ঝাৰখণ্ড প্ৰদেশৰ কংগ্ৰেছী ৰাজ্যসভাৰ সাংসদ ধীৰাজ চাহুৰ গৃহত নগদ ৩০০ কোটি টকা উদ্ধাৰৰ ঘটনাই দেশজুৰি তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে ৷ যাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰো বিভিন্ন ঠাইত বিজেপিয়ে প্ৰতিবাদ কাৰ্য্যসূচী গঢ়ি তোলে।

Advertisment

শনিবাৰে ধেমাজি জিলা বিজেপিৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়। কংগ্ৰেছ দলৰ ১০টা ঠিকনাৰ পৰা ৩০০কোটি নগদ ধন জব্দ হোৱাৰ পিছত কংগ্ৰেছৰ ভ্ৰষ্টাচাৰ, দূৰ্নীতি বিৰোধীতা কৰি শনিবাৰে বিয়লি ২ বজাৰ পৰা ৩ বজাৰলৈকে এক ঘন্টাতকৈ অধিক সময় ধৰি ধেমাজি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমুখত ২শতাধিক কৰ্মীয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷

Also Read: গোলাঘাটৰ আঠগাঁৱৰ মনোজ বৰা সন্ধানহীন

congress BJP ASSAM