লামডিঙত ৭৮ সংখ্যক স্বাধীনতা দিৱস পালন

লামডিঙত ৭৮ সংখ্যক স্বাধীনতা দিৱস পালন

author-image
Asomiya Pratidin
New Update
লামডিঙত ৭৮ সংখ্যক স্বাধীনতা দিৱস পালন

ডিজিটেল সংবাদ,লামডিংঃ সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে লামডিঙতো ৭৮ সংখ্যক স্বাধীনতা দিৱস পালন কৰা হয় ৷ লামডিং বিবেকানন্দ ৰেলৱে খেলপথাৰত পতাকা উত্তোলন কৰে লামডিং মাণ্ডলিক প্ৰৱন্ধক প্ৰেম ৰঞ্জন কুমাৰে ৷ লামডিঙৰ প্ৰতিখন বিদ্যালয়, চৰকাৰী বেচৰকাৰী কাৰ্যালয়তো আজি দেশৰ পতকা উত্তোলন কৰা পৰিলক্ষিত হয় ৷

Advertisment

ইয়াৰোপৰি আজি লামডিং বিবেকানন্দ ৰেলৱে খেলপথাৰত অনুষ্ঠিত হোৱা পতাকা উত্তোলন অনুষ্ঠানত লামডিং ৰেলৱে মাণ্ডলিক প্ৰৱন্ধক প্ৰেম ৰঞ্জন কুমাৰে লামডিঙ, হাফলং, ত্ৰিপুৰা আৰু গুৱাহাটীকে ধৰি মুঠ ১৮ গৰাকী সাংবাদিকক বিশেষভাৱে সন্মান জনায়।

Also Read: কোকৰাঝাৰত ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন

LUMDING POLICE 78th Independant Day