ৰাঙলুত পথ দুৰ্ঘটনা : শিশুসহ আহত ৭জন

ৰাঙলুত পথ দুৰ্ঘটনা : শিশুসহ আহত ৭জন

ডিজিটেল সংবাদ,কঠীয়াতলী : নগাঁও জিলাৰ ৰাঙলু আৰক্ষী পহৰা চকীৰ অৰ্ন্তগত এঘাৰমাইল ৩৬ নং ঘাইপথত এক পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত ২গৰাকী শিশুসহ ৭জন লোক আহত হোৱা বুলি জানিব পৰা গৈছে।

হোজাইৰ পৰা নগাঁও অভিমুখে আহি থকা AS01 FR 7520 নম্বৰৰ স্কৰ্পিঅ বাহনখনে তীব্ৰ বেগত নিয়ন্ত্ৰণ হেৰুৱাই প্ৰায় ১০০ মিটাৰ চাহ গছ মহতিয়াই গছত খুন্দা মাৰে। গছত খুন্দা মাৰাৰ ফলত শিশুসহ ৭জন লোক আঘাতপ্ৰাপ্ত হয়। আহত লোক কেইজনক স্থানীয় লোকে ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰায়।

ৰাঙলুত পথ দুৰ্ঘটনা : শিশুসহ আহত ৭জন
নিজ কঠীয়াতলী ঈদগাহ ময়দানত নামাজ আদায়

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in