তৰুণ গগৈৰ পুত্ৰ বুলি মানুহে গৌৰৱক মৰম কৰে, কিন্তু ভোট নিদিয়ে: দিগন্ত কলিতা

যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈক তীব্ৰ সমালোচনাৰে থকা সৰকা বিধায়ক দিগন্ত কলিতাৰ

author-image
Asomiya Pratidin
New Update
তৰুণ গগৈৰ পুত্ৰ বুলি মানুহে গৌৰৱক মৰম কৰে, কিন্তু ভোট নিদিয়ে: দিগন্ত কলিতা

ডিজিটেল সংবাদ, তিতাবৰঃ যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈক তীব্ৰ সমালোচনাৰে থকা সৰকা বিধায়ক দিগন্ত কলিতাৰ। বৃহস্পতিবাৰে বৰহোলাত অনুষ্ঠিত বিজেপিৰ এখন দলীয় সভাত অংশ লৈ বিধায়কজনে কয় যে গৌৰৱ গগৈয়ে এতিয়া যোৰহাটত গুগল মেপত সমষ্টিৰ লোকেচন বিছাৰি নিৰ্বাচনী প্ৰচাৰ চলাবলগীয়া হৈছে।

Advertisment

বিজেপিৰ নিৰ্বাচনী সভাক বিয়নী মেল বুলি ইতিকিং কৰা গৌৰৱ গগৈয়ে গাঁওৰ মহিলাক সন্মান কৰিব নাজানে, সেইকাৰণে বিজেপিৰ সভালৈ অহা মহিলা সকলক বিয়নী মেলৰ তুলনা কৰিছে বুলি কয়। তৰুণ গগৈৰ পুত্ৰ বুলি যোৰহাটৰ মানুহে গৌৰৱক মৰম কৰে কিন্তু ভোট নিদিয়ে বুলিও তেওঁ দাবী কৰে।

আনহাতে দৰং-ওদালগুৰি সমষ্টিৰ প্ৰাৰ্থী মাধৱ ৰাজবংশীৰ সম্পৰ্কত কয় মাধৱ ৰাজবংশী এজন দালাল, সেইকথা সকলোৱেই জানে। এতিয়া কংগ্ৰেছৰ নিৰ্বাচন খেলিবলৈ অহা ধন কেইটাও দলৰ সভাপতিক বিশ শতাংশ দি বাকীখিনি নিজে খাই ঘৰত বহি থাকিব। মাধৱ ৰাজবংশীয়ে কেৱল দলগাওঁ সমষ্টিত কেইটামান ভোট পোৱাৰ বাহিৰে বাকী এটা সমষ্টিতো ভোট নাপায় বুলি কটাক্ষ কৰে।

Also Read: বাসুগাঁৱত চুৰিকাণ্ড! চোৰে নিলে ২৫-৩০ লক্ষাধিক টকাৰ সোণ-ৰূপৰ গহনা আৰু নগদ ধন

bjp gaurav gogoi