নগাঁৱত ৩৪৯৯ গৰাকী হিতাধিকাৰীক ৬১৫৭ টা সহায়ক সঁজুলী প্ৰদান...

নগাঁৱত ৩৪৯৯ গৰাকী হিতাধিকাৰীক ৬১৫৭ টা সহায়ক সঁজুলী প্ৰদান...
নগাঁৱত ৩৪৯৯ গৰাকী হিতাধিকাৰীক ৬১৫৭ টা সহায়ক সঁজুলী প্ৰদান...

ডিজিটেল সংবাদ নগাঁও: ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰণালয়ৰ দিব্যাংগজনৰ সৱলীকৰণ বিভাগে নগাঁও জিলা প্ৰশাসনৰ সহযোগত নগাঁৱৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত জিলা পৰ্যায়ত ভাৰত চৰকাৰৰ এডিআইপি (ADIP) আঁচনিৰ অধীনত দিব্যাংগজনসকললৈ সাহায্য আৰু সহায়ক সঁজুলিৰ বাবে বিতৰণ শিবিৰৰ উদ্বোধনী কাৰ্যসূচীৰ আয়োজন কৰে ।

এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশব মহন্তই বৰ্তমান চৰকাৰখনৰ সৰ্বাংগীন শাসন ব্যৱস্থাৰ প্ৰতিশ্ৰুতি আৰু নিষ্ঠা আৰু দিব্যাংগজনকে ধৰি সমাজৰ সকলো শ্ৰেণীকে সহায় কৰাৰ তৎপৰতাৰ বিষয়ে উল্লেখ কৰে।

উল্লেখযোগ্য যে, এই বিতৰণ শিবিৰ কাৰ্যসূচীৰ অধীনত নগাঁও জিলাৰ প্ৰায় ৩৪৯৯ গৰাকী হিতাধিকাৰীক মুঠ ৬১৫৭ টা সহায়ক সঁজুলি প্ৰদান কৰা হ’ব। আই চি ডি এছ প্ৰকল্প (নগৰ)ৰ হিতাধিকাৰীসকলক অন্তৰ্ভুক্ত কৰা আজিৰ উদ্বোধনী অনুষ্ঠান কাৰ্যসূচীত ৭ গৰাকী হিতাধিকাৰীক বিশিষ্ট ব্যক্তিসকলে আনুষ্ঠানিকভাৱে সহায়ক সঁজুলি প্ৰদান কৰে।

বিতৰণ কৰিবলগীয়া সঁজুলিসমূহৰ ভিতৰত আছে মটৰচালিত ট্ৰাইচাইকেল, ভাঁজ কৰিব পৰা হুইল চেয়াৰ, ৱাকিং ষ্টিক, শ্ৰৱণ যন্ত্ৰ, ৰোলেটৰ আদি। বিশেষ আমন্ত্ৰিত অতিথি তথা নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়েও আঁচনিখনৰ তাৎপৰ্য আৰু ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰণালয়ে গ্ৰহণ কৰা সক্ৰিয় ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

ৰহা বিধানসভা সমষ্টিৰ বিধায়ক শশীকান্ত দাস, জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, নগাঁও উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ ধ্ৰুবজ্যোতি শৰ্মা, অতিৰিক্ত জিলা আয়ুক্ত (সমাজ কল্যাণ) ফিলিছ ভি এল হ্ৰংচাল, আলিমকোৰ (ALIMCO) উত্তৰ পূৰ্বাঞ্চলৰ প্ৰবন্ধক মুকেশ মিশ্ৰ, জিলা সমাজ কল্যাণ বিষয়া, সমাজ কল্যাণ বিভাগৰ বিষয়াসকল, জিলা প্ৰশাসন আৰু আলিমকোৰ বিভাগীয় বিষয়াসকলো এই বৈঠকত উপস্থিত থাকে।

নগাঁৱত ৩৪৯৯ গৰাকী হিতাধিকাৰীক ৬১৫৭ টা সহায়ক সঁজুলী প্ৰদান...
নগাঁৱত অগপ, কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ তিনি নেতাৰ বিস্ফোৰক মন্তব্য...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in