মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পঞ্চম সমাৱৰ্তন

উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ডিগ্ৰী প্ৰদান কৰাৰ লগতে সভাপতিত্ব কৰিব ৰাজ্যৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ ভিজিটৰ গুলাব চান্দ কাটাৰিয়াই
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পঞ্চম সমাৱৰ্তন

ডিজিটেল সংবাদ , নগাঁও : মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ পঞ্চম সমাৱৰ্তনখনি অহা ২৭ এপ্ৰিলত গুৱাহাটীৰ ৰূপনগৰস্থিত বিশ্ববিদ্যালয়খনৰ চৌহদত অনুষ্ঠিত হ’ব ৷ উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ডিগ্ৰী প্ৰদান কৰাৰ লগতে সভাপতিত্ব কৰিব ৰাজ্যৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ ভিজিটৰ গুলাব চান্দ কাটাৰিয়াই ৷

বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক অধ্যাপক মৃণাল কুমাৰ বৰাই জনোৱা মতে, প্ৰথমবাৰৰ বাবে দুগৰাকী বিশিষ্ট ব্যক্তিলৈ বিশ্ববিদ্যালয়খনে ডি.লিট সন্মান আগবঢ়াব ৷ এই সন্মান গ্ৰহণ কৰিব বিশিষ্ট শিক্ষাবিদ তথা সমাজসেৱক ড° অচ্যুত চামান্ট আৰু ৰাজ্যৰ বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক-অধ্যাপক ভৱ প্ৰসাদ চলিহাই ৷

আনহাতে, এই সমাৱৰ্তনত ২২ গৰাকী পি এইচ ডি, ১৪ গৰাকীক এম. ফিল সন্মান প্ৰদান কৰাৰ লগতে আন ৪৫২ গৰাকী স্নাতক-স্নাতকোত্তৰ মহলা উৰ্ত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক ডিগ্ৰী প্ৰদান কৰা হ’ব ৷ উল্লেখযোগ্য, এই অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা আৰু শিক্ষা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী সন্মানীয় ড° ৰাজকুমাৰ ৰঞ্জন সিং উপস্থিত থাকিব ৷

ডিগ্ৰী গ্ৰহণ কৰিবলগা বিশ্ববিদ্যালয়ৰ সকলো প্ৰাক্তন শিক্ষাৰ্থীকে অহা ২৪ এপ্ৰিলৰ ভিতৰত বিশ্ববিদ্যালয়ৰ ৱেবছাইট যোগে সমাৱৰ্তনৰ প্ৰ-পত্ৰ পূৰণ কৰিবলৈ পঞ্জীয়কগৰাকীয়ে আহ্বান জনায় ৷

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পঞ্চম সমাৱৰ্তন
ঐতিহ্যমণ্ডিত বৰপুখুৰীপাৰ মুকলি বিহু সমিতিৰ প্ৰবীন বিহুৱা মোহন শইকীয়ালৈ “ধনকেতেকী” উপাধি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in