কঠীয়াতলীত আৰক্ষীৰ জালত পিষ্টলসহ ৫ ডকাইত

কঠীয়াতলীত আৰক্ষীৰ জালত পিষ্টলসহ ৫ ডকাইত

author-image
Asomiya Pratidin
New Update
কঠীয়াতলীত আৰক্ষীৰ জালত পিষ্টলসহ ৫ ডকাইত

ডিজিটেল সেৱা, কঠীয়াতলী: শনিবাৰে নিশা ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত পাঁচটা ডকাইত আটক ৷ নগাঁও সদৰ আৰক্ষী বিষয়া উৎপল বৈশ্যৰ নেতৃত্বত আৰক্ষীৰ এটা দলে আটক কৰে ডকাইতৰ দলটো ৷ আৰক্ষীয়ে দুৰ্বৃত্ত কেইটাৰ পৰা এটা ৭.৬৫ পিষ্টল সহ দুই জাই সজীৱ গুলী জব্দ কৰে।

Advertisment

শনিবাৰে নিশা চলছলিৰ পৰা হোজাইলৈ গৈ থকা অৱস্থাত কঠীয়াতলীত আৰক্ষীয়ে পিষ্টল আৰু গুলী সহ আটক কৰে ৫ দুৰ্বৃত্তক। ধৃত দুৰ্বৃত্ত কেইটা হৈছে মঃ ইনামুল হক, ৰকিবুল হুছেইন, জেহেৰুল চৌধুৰী, আহিদুল ইছলাম আৰু মঃ হিবজুৰ ৰহমান।উলেখ্য যে ধৃত ৫ দুৰ্বৃত্তই বৰঘাট বাইপাছত ডকাইতি কৰাৰ পৰিকল্পনা কৰিছিল।

Also Read: কামাখ্যা ধামত জঘন্য কাণ্ড! ভিক্ষা খুজি জীৱন নিৰ্বাহ কৰি থকা কিশোৰীক ধৰ্ষণ এজনৰ

Assam police