কামাখ্যা ধামত জঘন্য কাণ্ড! ভিক্ষা খুজি জীৱন নিৰ্বাহ কৰি থকা কিশোৰীক ধৰ্ষণ এজনৰ

মহানগৰীত সংঘটিত হৈছে এক জঘন্য ঘটনা। শক্তিপীঠ কামাখ্যা ধামত সংঘটিত হৈছে ধৰ্ষণ কাণ্ড। কামাখ্যা ধামৰ ভিআইপি পাৰ্কিঙৰ সমীপত সংঘটিত হৈছে এই জঘন্য কাণ্ড।

author-image
Asomiya Pratidin
New Update
কামাখ্যা ধামত জঘন্য কাণ্ড! ভিক্ষা খুজি জীৱন নিৰ্বাহ কৰি থকা কিশোৰীক ধৰ্ষণ এজনৰ

ডিজিটেল ডেস্কঃ মহানগৰীত সংঘটিত হৈছে এক জঘন্য ঘটনা। শক্তিপীঠ কামাখ্যা ধামত সংঘটিত হৈছে ধৰ্ষণ কাণ্ড। কামাখ্যা ধামৰ ভিআইপি পাৰ্কিঙৰ সমীপত সংঘটিত হৈছে এই জঘন্য কাণ্ড।

অভিযোগ অনুসৰি ৯ বছৰীয়া এটি শিশুক মাতৃৰ কাষতেই ধৰ্ষণ কৰে নয়ন হালৈ নামৰ যুৱকজনে। নয়ন হালৈ শক্তিপীঠ কামাখ্যাত দীৰ্ঘদিন ধৰি ব্যক্তিগত ফটোগ্ৰাফাৰ হিচাপে কাম কৰি আছিল।

আনহাতে মাতৃৰ সৈতে কিশোৰীগৰাকী কামাখ্যাত বহু দিনৰ পৰা ভিক্ষা কৰি চলি আছিল। শনিবাৰে নিশা সুযোগ বুজি লম্পট নয়ন হালৈ নামৰ যুৱক জনে মাতৃৰ সমীপতেই ধৰ্ষণ কৰে কিশোৰীগৰাকীক।

ভুক্তভোগীৰ মাতৃয়ে সহায় বিচাৰি এজাহাৰ দাখিল কৰে কামাখ্যা আৰক্ষী চকীত। ইতিমধ্যে কামাখ্যা আৰক্ষীয়ে নয়ন হালৈকে গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।

Also Read: দুই শতাধিক অস্থায়ী বনকৰ্মীৰ আগ্নেয়াস্ত্ৰ উভতাই ল'লে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই

Assam police