
পাকিস্তানী এজেণ্টক ম’বাইল চিম কাৰ্ড যোগানৰ ভয়ংকৰ তথ্য ফাদিল ।
দেশবিৰোধী কাৰ্যত লিপ্ত থকাৰ অভিযোগত ৫ জনক গ্ৰেপ্তাৰ ।
৫ জন অভিযুক্তকে ৪ দিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ।
নগাঁও আৰু মৰিগাঁৱত অভিযান চলাই আৰক্ষীয়ে উৎখাট কৰে দেশ বিৰোধী চক্ৰটোক ৷
নগাঁও আৰক্ষীয়ে জেৰা কৰি আছে ধৃত ৫ জনক ৷
গ্ৰেপ্তাৰ কৰা হৈছে - বাহাৰুল ইছলাম, আছিকুল ইছলাম, বদৰুদ্দিন ,মিজানুৰ ৰহমান আৰু ৱাহিদুজ জামানক ৷
১৮ ম’বাইল আৰু বহু আপত্তিজনক নথিপত্ৰ জব্দ কৰিছে আৰক্ষীয়ে।
আৰক্ষীয়ে জব্দ কৰিছে ১৩৬ খন চিমকাৰ্ড।
জব্দ কৰাৰ মোবাইলৰ মাজত আছে দুটা IMEI নম্বৰ থকা এটা ম’বাইল।
এই ম’বাইলৰ পৰাই পাকিস্তানলৈ তথ্য যোগানৰ সন্দেহ।
NIA য়েও ৫ জন অভিযুক্তক জেৰা কৰাৰ সম্ভাৱনা।
কালি নগাওঁ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আটাইকেইজনকে।
আজি আছিকুল ইছলামক লগত লৈ অভিযান চলাইছে আৰক্ষীয়ে।
আছিকুলৰ লেপটপৰ সন্ধানত নগাঁও আৰক্ষী।
নগাঁৱৰ সম্পৰ্কীয় ব্যক্তিৰ ঘৰত আছিকুলে লুকুৱাই ৰাখিছে লেপটপ।
লেপটপটো জব্দ কৰিছে আৰক্ষীয়ে।