নাই সমতা, তথাপিও পৰিয়াল এৰি দেশ চলাইছে এইসকল মহিলাই ...

নাই সমতা, তথাপিও পৰিয়াল এৰি দেশ চলাইছে এইসকল মহিলাই ...
নাই সমতা, তথাপিও পৰিয়াল এৰি দেশ চলাইছে এইসকল মহিলাই ...
ভাৰতীয় সমাজখন ৰক্ষণশীল তথা পুৰুষতান্ত্ৰিক। শতিকাজুৰি দেশৰ অধিকাংশ নাৰী ইয়াত কেৱল চাৰিবেৰৰ মাজত, ৰান্ধনী ঘৰত অথবা পৰিয়ালৰ যতন লোৱাতেই সীমাবদ্ধ হৈ আছে। তাৰ মাজতেই একাংশই ভাঙিবলৈ সক্ষম হৈছে এলান্ধুকলীয়া সমাজৰ শিকলি। আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে ৰাজনীতিত শিক্তিশালী ভূমিকা গ্ৰহণ কৰা তেনে একাংশ মহিলাৰ সন্দৰ্ভত তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।

মহিলাৰ ৰাজনীতিত অংশগ্ৰহণৰ বিষয়টো বৰ্তমান সময়ৰ অতি গুৰুত্বপূৰ্ণ বিষয়। এই বিষয়টোক লৈ যিধৰণে চৰ্চা হ’ব লাগিছিল সেইদৰে আজিও হোৱা নাই। কোৱা হয় এখন ৰাষ্ট্ৰৰ চালিকা শক্তি সেই ৰাষ্ট্ৰৰ মহিলাসকল।

কাৰণ দেশৰ ভৱিষ্যত হিচাপে গণ্য কৰা হয় সেই দেশৰ শিশুসকলক। শিশুসকলৰ প্ৰথম শিক্ষাগুৰু এই মহিলসকলেই। শিশুৰ যত্ন লোৱাৰ পৰা পৰিয়ালৰ প্ৰতিটো দিশ চোৱাচিতা কৰালৈকে সকলো ক্ষেত্ৰতে এই মহিলাসকলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।

সেই দৃষ্টিকোণৰ পৰা মহিলাসকল শিশুৰ প্ৰথম শিক্ষাগুৰুৱেই নহয়, তেওঁলোকৰ ভৱিষ্যত নিৰ্মাতাওঁ। এই মহিলাসকলেই কিন্তু ৰাজনীতিৰ সৈতে ওতঃপ্ৰোত ভাৱে আজিও জড়িত হোৱা নাই। এটা কথা ঠিক যে, মহিলাসকল ৰাজনৈতিক ভাৱে শক্তিশালী তথা সচেতন হ’লেহে মহিলা সৱলীকৰণৰ বিষয়টোয়েও অধিক আগবাঢ়িব।

ভাৰতত মহিলাৰ সম অধিকাৰৰ বিষয়টো স্বাধীনতা সংগ্ৰামৰ পূৰ্বেই উত্থাপন হৈছিল। কংগ্ৰেছৰ কৰাছী অধিৱশনতেই মহিলাৰ সম অধিকাৰৰ বিষয়টো উত্থাপন হৈছিল। তাৰ ফল স্বৰূপেই স্বাধীনতা লাভৰ পিছত বহু কেইগৰাকী মহিলাই ৰাজনৈতিক ক্ষমতা লাভ কৰিবলৈ সক্ষম হৈছিল।

যিয়ে ভাৰতত মহিলা সৱলীকৰণৰ বিষয়টোক আগুৱাই নিয়াত অধিক সহায়ক কৰি তুলিছে। ১৯৯৩ ৰ সংবিধানৰ ৭৩ সংখ্যক সংশোধন, ১৯৯৪ চনৰ সংবিধান সংশোধনীয়ে ভাৰতত ৰাজনৈতিক ভাৱে মহিলাসকলক অধিক আগুৱাই নিলে।

১৯৯৩ ৰ সংবিধান সংশোধনৰ জৰিয়তে স্বায়ত্ব শাসন ব্যৱস্থাত মহিলাৰ বাবে ৩০ শতাংশ আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। আনহাতে ৰাজনৈতিক দলসমূহক নিৰ্বাচনী আয়োগে ৩৩ শতাংশ আসন মহিলাৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ পৰামৰ্শ দিছে।

অৱশ্যে কোনো এটা ৰাজনৈতিক দলেই আজিও সেই পৰামৰ্শ কাৰ্যকৰী কৰা নাই । তৎস্বতেও অৱশ্যে ৰাজনৈতিক দলৰ নেতৃত্বৰ লগতে দেশৰ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতিৰ পদো অলংকৃত কৰিবলৈ সক্ষম হৈছে ভাৰতীয় মহিলাই।

অসমৰ ৰাজনীতিত মহিলাৰ অংশগ্ৰহণ নতুন কথা নহয়। আহোম ৰাজত্বৰ কালছোৱাতেই অসমৰ ৰাজনীতিত মহিলাৰ অংশগ্ৰহণৰ উদাহৰণ আছে। বৰ ৰাণী ফুলেশ্বৰীৰ ভূমিকা বুৰঞ্জীৰ পাতত সোণালী আখৰেৰে লিপিবদ্ধ হৈ আছে।

মূলা গাভৰু,  জয়মতীৰ ভূমিকাও চিৰ যুগমীয়া হৈ ৰৈছে। স্বাধীনতাৰ পূৰ্বেই অসমে লাভ কৰিছিল প্ৰথমগৰাকী মহিলা বিধায়িকা। স্বাধীনতাৰ প্ৰায় এটা দশকৰ পূৰ্বেই অসমত গঠন হৈছিল বিধানসভা।

এই বিধানসভাৰ নিৰ্বাচনত ৯৩ নং শ্বিলং সমষ্টিতো আছিল মহিলাৰ বাবে সংৰক্ষিত। সেই সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰি অসম বিধানসভালৈ নিৰ্বাচিত হৈ আহিছিল মিছ মাভিজ ডুন নামৰ মহিলা ৰাজনীতিবিদগৰাকী।

কেৱল সেয়াই নহয় তেওঁ অসম মন্ত্ৰীসভাতো স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। অসম বিধানসভাৰ দ্বিতীয়টো নিৰ্বাচনত সেই শ্বিলং সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈ অসম বিধানসভালৈ আহিছিল বনলি খংমেন।

স্বাধীনতাৰ পাছত অনুষ্ঠিত হোৱা প্ৰথমটো বিধানসভা নিৰ্বাচনত অসম বিধানসভালৈ নিৰ্বাচিত হৈ আহিছিল ঊষা বৰঠাকুৰ নামৰ এগৰাকী মহিলা বিধায়ক। এয়া আছিল আৰম্ভণি।

ইয়াৰ পৰৱৰ্তী সময়ত ছৈয়দা আনুৱাৰা টাইমুৰ হৈছিল অসমৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী। ১৯৮০ চনৰ ৬ ডিচেম্বৰৰ পৰা ১৯৮১ চনৰ ৩০ জনুলৈকে তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছিল।

১৯৭০ চনত প্ৰথমবাৰৰ বাবে তেওঁ অসম বিধানসভালৈ বিধায়িকা হিচাপে নিৰ্বাচিত হৈ আহিছিল। শৰৎ চন্দ্ৰ সিহৰ মন্ত্ৰীসভাত তেওঁ আছিল শিক্ষামন্ত্ৰী। ইয়াৰ পিছত ১৯৭৮, ১৯৮৩ আৰু ১৯৯১ চনত তেওঁ অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল। ১৯৮৮ চনত তেওঁ ৰাজ্যসভালৈ নিমন্ত্ৰণ লাভ কৰিছিল।

ৰেণুকা দেৱী বৰকটকী আছিল অসমৰ প্ৰথমগৰাকী কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান প্ৰাপ্ত মহিলা। ১৯৭৭ চনৰ পৰা ১৯৭৯ চনলৈ প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইৰ জনতা পাৰ্টী চৰকাৰত তেওঁ শিক্ষা, সমাজকল্যাণ আৰু সংস্কৃতি বিভাগৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কেবিনেটত স্থান লাভ কৰিছিল। ১৯৬২ চনত তেওঁ বৰপেটা লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছক দলক প্ৰতিনিধিত্ব কৰি প্ৰথমবাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হৈছিল।

১৯৭২ ত তেওঁ হাজো বিধানসভা সমষ্টিৰ পৰা অসম বিধানসভালৈ নিৰ্দলীয় বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। ১৯৭৭ চনত ৰেণুকা দেৱী বৰকটকী জনতা দলৰ প্ৰাৰ্থী হিচাপে গুৱাহাটী লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰি সংসদলৈ নিৰ্বাচিত হৈছিল।

প্ৰমিলাৰাণী ব্ৰহ্মই একেৰাহে ৬ বাৰ অসম বিধানসভালৈ নিৰ্বাচিত হোৱাই নহয়, কৃষি, বন আদিৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰীত্বও লাভ কৰিছিল। ১৯৯১ চনত তেওঁ প্ৰথমবাৰৰ বাবে অসম বিধানসভালৈ বিধায়িকা হিচাপে নিৰ্বাচিত হৈ আহিছিল।

তেতিয়াৰে পৰা ২০২১ চনলৈ তেওঁ ধাৰাবাহিক ভাৱে অসম বিধানসভালৈ মুঠ ৬ বাৰ নিৰ্বাচিত হৈ আহিছিল। ২০১৪ চনলৈ তৰুণ গগৈ চৰকাৰৰ তিনিওটা কাৰ্যকালতেই তেওঁ মন্ত্ৰীসভাত কেইবাটাও বিভাগৰ গুৰুত্বপূৰ্ণ দপ্তৰ লাভ কৰিছিল।

ইয়াৰ পিছত ২০১৬ ত সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনতো তেওঁ বন, ভূমি সংৰক্ষণ আদি বিভাগৰ মন্ত্ৰীত্ব লাভ কৰিছিল। বৰ্তমানৰ কেবিনেট মন্ত্ৰী অজন্তা নেওগো অসমৰ ৰাজনীতিত উল্লেখযোগ্য স্থান দখল কৰাই নহয়,  এগৰাকী শক্তিশালী মন্ত্ৰী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।

বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ সমাজকল্যাণ, বিত্ত বিভাগৰ কেবিনেট মন্ত্ৰী। তেওঁ অসমৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী হিচাপে ইতিহাস সৃষ্টি কৰিছে। ২০০১ চনৰ পৰা তেওঁ গোলাঘাট সমষ্টিৰ পৰা বিধায়িকা হিচাপে নিৰ্বাচিত হৈ আহিছে।

মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মন্ত্ৰী সভাত তেওঁ ২০০৬ চনৰ পৰা ২০১৬ লৈ গড়কাপ্তানী, নগৰ উন্নয়ন, গৃহ নিৰ্মাণ আদি বিভাগৰ কেবিনেট মন্ত্ৰী আছিল। ২০১৬ ত অজন্তা নেওগ বিৰোধী দলৰ বিধায়িকা হিচাপে বিধানসভালৈ নিৰ্বাচিত হৈছিল যদিও ২০২০ ত তেওঁ শাসকীয় বিজেপি দলত যোগদান কৰে।

২০২১ ত বিজেপিৰ বিধায়িকা হিচাপে অসম বিধানসভালৈ নিৰ্বাচিত হৈ আহি তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত সমাজকল্যাণ, বিত্ত আদি বিভাগৰ মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰি আছে।

তেনেদৰেই অসম বিধানসভাত মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰা আন কেইগৰাকীমান মহিলা ৰাজনীতিবিদ হৈছে ক্ৰমে, হেমপ্ৰভা শইকীয়া, ৰেখা ৰাণী দাস বড়ো,  প্ৰণতি ফুকন, বিস্মিতা গগৈ আদি। আনহাতে প্ৰাক্তন সাংসদ সুস্মিতা দেৱে ভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী পদত অধিষ্ঠিত হোৱাৰ লগতে মীৰা বৰঠাকুৰ অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী আৰু আঙুৰলতা ডেকাও বিজেপিৰ মহিলাৰ মৰ্চাৰ সভানেত্ৰী পদত কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁলোকে ৰাজনীতিত মহিলাৰ অংশগ্ৰহণ বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি আছে।

একেদৰে দেশৰ ৰাজনীতিত চকুত লগাকৈ বহু কেইগৰাকী মহিলা ৰাজনীতিবিদে নিজকে প্ৰতিষ্ঠা কৰিছে। কেৱল নিজৰ আত্মপ্ৰতিষ্ঠাই নহয়, সৰ্বকাললৈ নিজৰ নাম ৰাখি যাবলৈ সক্ষম হৈছে।

কৰ্ম দক্ষতা, চতুৰ ৰাজনৈতিক কৌশল আদি অনেক গুণেৰে সমৃদ্ধ এইসকল মহিলাৰ জন্মই যেন ৰাজনীতিৰ বাবে হৈছিল।ইন্দিৰা গান্ধী আছিল তেনে এগৰাকী মহিলা ৰাজনীতিবিদ। বিতৰ্কৰ দিশসমূহ পৰিহাৰ কৰি ইন্দিৰা গান্ধীৰ ৰাজনৈতিক বিচক্ষণতাক শতৰুৱেও স্বীকাৰ কৰিব।

লৌহ নাৰী হিচাপে পৰিগণিত হোৱা ই্ন্দিৰা গান্ধী আছিল দেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী। ইন্দিৰা গান্ধীৰ পিছতেই আহে তেওঁৰেই বোৱাৰী তথা কংগ্ৰেছৰ দীৰ্ঘ সময়ৰ সভানেত্ৰী ছোনিয়া গান্ধীৰ নাম।

ছোনিয়া গান্ধীও ইন্দিৰা গান্ধীতকৈ কোনো গুণে কম নহয়। ৰাজনৈতিক বিচক্ষণতা আৰু কৌশলৰ বাবেই তেওঁ প্ৰধানমন্ত্ৰীৰ আসনত নবহিও প্ৰধানমন্ত্ৰীতকৈ শক্তিশালী হৈ পৰিছিল। ফৰ্বছ মেগাজিনে তেওঁক বিশ্বৰ ভিতৰতে প্ৰভাৱশালী মহিলাৰ তালিকাত স্থান দিছিল।

ছোনিয়া গান্ধীৰ পিছতেই নাম আহে তৃণমূল কংগ্ৰেছৰ মূৰব্বী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। অগ্নিকন্যা হিচাপে পৰিগণিত হোৱা মমতা বনাৰ্জীয়ে যোৱা বিধানসভা নিৰ্বাচনত কেন্দ্ৰত শাসনাধিস্থ তথা বিশ্বৰে সৰ্ববৃহৎ ৰাজনৈতিক দল বুলি দাবী কৰা বিজেপিক ঘটি ঘটিয়ে পানী খোৱালে।

শ শ কোটি টকা ব্যয় কৰিও বিজেপিয়ে মমতাৰ পৰা কাঢ়ি আনিব নোৱাৰিলে পশ্চিম বংগ। ‘খেলা হবে’ শ্লোগানেৰে পশ্চিম বংগ কপাই মমতা বেনাৰ্জীয়ে তৃতীয়বাৰৰ বাবে দখল কৰিলে বংগ।

ঠিক সেইদৰে ৰাজস্থানৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে সিন্ধিয়া, চাৰিবাৰকৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হোৱা মায়াৱতী, কেন্দ্ৰীয় মন্ত্ৰী আৰু মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী হোৱা ঊমা ভাৰতী, দিল্লীৰ তিনিবাৰৰ মুখ্যমন্ত্ৰী শীলা দীক্ষিত, লোকসভাত বিৰোধী দলৰ দলপতি, পৰৱৰ্তী সময়ত কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী হোৱা প্ৰয়াত সুষমা স্বৰাজ, তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জয়াললিতা, বিহাৰৰ প্ৰাক্তন মু্খ্যমন্ত্ৰী ৰাবৰী দেৱী, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা লোকসভাৰ প্ৰথমগৰাকী মহিলা অধ্যক্ষ মীৰা কুমাৰ, কেন্দ্ৰীয় মন্ত্ৰী অম্বিকা সোনি, জন্মু কাশ্মীৰৰ মেহবুবা মুফতিয়ে দেশৰ ৰাজনীতিত নজিৰ সৃষ্টি কৰিছে।

বৰ্তমানৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, মহিলা আৰু শিশু সৱলীকৰণ তথা , সংখ্যালঘু উন্নয়ন দপ্তৰৰ মন্ত্ৰী স্মৃতি ইৰাণী, তৃণমূল কংগ্ৰেছৰ মহুৱা মৈত্ৰ আদিয়ে সংসদৰ বিভিন্ন বিষয়ৰ আলোচনাত অংশগ্ৰহণ কৰি সংসদৰ শক্তিশালী কণ্ঠ হিচাপে পৰিগণিক হৈছে।

২০০৭ ৰ পৰা ২০১২ লৈকে দেশৰ ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত হৈছিল প্ৰতিভা দেৱী সিং পাটিল। ইতিহাস সৃষ্টি কৰি তেওঁ হৈ পৰিছিল দেশৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি। শেহতীয়াকৈ দেশৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈছে দ্ৰৌপদী মুৰ্মু। তেওঁ প্ৰথমগৰাকী ট্ৰাইবেল ৰাষ্ট্ৰপতি হিচাপে ইতিহাসৰ সূচনা কৰিছে।

দেশৰ ৰাজনীতিত এইসকল মহিলাই সৰ্বকাললৈ নজিৰ সৃষ্টি কৰিলেও অৱশ্যে আজিও পুৰুষৰ সম পৰ্যায় লাভ কৰিবলৈ সক্ষম হোৱা নাই। এতিয়াও সংসদত পুৰুষ প্ৰতিনিধিৰ সংখ্যাই সৰ্বাধিক।

১৯৫২ চনত অনুষ্ঠিত হোৱা প্ৰথম সাধাৰণ নিৰ্বাচনত সংসদত মহিলাৰ প্ৰতিনিধি আছিল মাত্ৰ ০৪.৪ শতাংশ। ২০১৮ ত এই সংখ্যা বৃদ্ধি পাইছে ১৪ শতাংশলৈ। সপ্তদশ সাধাৰণ নিৰ্বাচনত দেশে সৰ্বাধিক সংখ্যক মহিলা সাংসদ লাভ কৰিলে।

বৰ্তমান দেশত ৭৮ গৰাকী মহিলা সাংসদ আছে। এই ৭৮ গৰাকী মহিলা সাংসদৰ ভিতৰত অসমৰ সাংসদৰ সংখ্যা মাত্ৰ ১ গৰাকী। অসমৰ ১৪ টা লোকসভা সমষ্টিৰ ভিতৰত একমাত্ৰ গুৱাহাটী লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰি সংসদলৈ নিৰ্বাচিত হৈছে কুইন ওজা।

তেওঁৰ পূৰ্বে একেটা সমষ্টিকে প্ৰতিনিধিত্ব কৰি সংসদলৈ গৈছিল বিজয়া চক্ৰৱৰ্তী। ভাৰতীয় সংসদত যিসময়ত ১৪ শতাংশ মহিলা সাংসদ উপস্থিত থাকি মহিলাসকলক ৰাজনীতিলৈ অহাৰ প্ৰেৰণা যোগাই আছে ঠিক সেই সময়তে কিন্তু বিশ্বৰ আন বহু দেশৰ সংসদত মহিলা সাংসদৰ সংখ্যা ৩০ শতাংশৰো অধিক।

ৰাৱাণ্ডাত ২০২২ চনৰ তথ্য অনুসৰি মহিলা সাংসদৰ সংখ্যা ৬০ শতাংশৰো অধিক। দেশখনৰ সংসদত মহিলাই পুৰুষক অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। আজিৰ তাৰিখিত ৰাৱাণ্ডাৰ নিম্ন সংসদত মহিলাৰ উপস্থিতি হৈছে ৬১.৩ শতাংশ। উচ্চ সদনত আছে ৩৮.৪৬ শতাংশ মহিলা।

সাম্যবাদী ৰাষ্ট্ৰ কিউবাৰ সংসদত মহিলাৰ উপস্থিতি ৫৩.৬ শতাংশ। সৰ্বাধিক মহিলা সংসদৰ উপস্থিতিৰ ক্ষেত্ৰত কিউবা আছে দ্বিতীয় স্থানত। ঠিক সেইদৰে বলিভিয়াৰ নিম্ন সদনত মহিলাৰ উপস্থিতি ৫৩.০৮ শতাংশ আৰু উচ্চ সদনত ৪৭.২২ শতাংশ।

ইছলামিক ৰাষ্ট্ৰ সংযুক্ত আৰৱ আমিৰাতছৰ সংসদত মহিলাৰ উপস্থিতি ৫০ শতাংশ আৰু নিউজিলেণ্ডত ৪৮. ৩৩ শতাংশ। মেক্সিকোৰ নিম্ন সদনত মহিলাৰ উপস্থিতি ৪৮.২ শতাংশ আৰু উচ্চ সদনত ৪৯.২২ শতাংশ। নিকাৰাগুয়াৰ সংসদত মহিলাৰ উপস্থিতি ৪৭.২৫ শতাংশ আৰু চুইডেনত ৪৬.৯৯ শতাংশ।

গ্ৰেনাডাৰ নিম্ন সদনত মহিলাৰ উপস্থিতি ৪৬.৬৭ শতাংশ আৰু উচ্চ সদনত ৩০.৭৭ শতাংশ। এণ্ডোৰাৰ সংসদত মহিলাৰ উপস্থিতি ৪৬.৪ শতাংশ আৰু দক্ষিণ আফ্ৰিকাৰ নিম্ন সদনত ৪৬.৩৫ শতাংশ আৰু ৩৮.৮৯ শতাংশ।

ফিনলেণ্ডৰ সংসদত মহিলাৰ উপস্থিতি ৪৬ শতাংশ, কোষ্টাৰিকাত ৪৫.৬১ শতাংশ। স্পেইনৰ নিম্ন সদনত মহিলাৰ উপস্থিতি ৪৪ শতাংশ আৰু উচ্চ সদনত ৩৯.০২ শতাংশ।

ছেনাগালৰ সংসদত মহিলাৰ উপস্থিতি ৪৩.০৩ শতাংশ আৰু নামিবিয়াৰ নিম্ন সদনত মহিলাৰ উপস্থিতি ৪২.৭১ শতাংশ আৰু উচ্চ সদনত ২৩.৮১ শতাংশ, চুইজাৰলেণ্ডৰ নিম্ন সদনত ৪১.৫ শতাংশ আৰু উচ্চ সদনত ২৬.০৯ শতাংশ।

একেদৰে নৰৱেত ৪১.৪২ শতাংশ, মোজাম্বিকত ৪১. ২ শতাংশ আৰু আৰ্জেণ্টিনাৰ নিম্ন সদনত ৪০ শতাংশ আৰু উচ্চ সদনত ৪০.২৮ শতাংশ। ইয়াৰ পৰাই অনুমান কৰিব পাৰি ভাৰত কিমান পিছপৰি আছে।

সেই হিচাপে বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ভাৰতৰ নিম্ন সংসদত মহিলাৰ উপস্থিতি ১৪.৯৪ আৰু উচ্চ সদন ৰাজ্যসভাত ১৪.৫ শতাংশ হৈ থকাতো নিশ্চয় আশাৰ খবৰ নহয়।

স্বাধীনতাৰ ৭৫ বছৰ অতিক্ৰম কৰাৰ পিছত সদ্য সমাপ্ত বিধানসভাৰ নিৰ্বাচনত নাগালেণ্ডৰ দৰে ৰাজ্যত পোন প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হৈছে এগৰাকী মহিলা বিধায়ক। প্ৰথমবাৰৰ বাবে নাগালেণ্ডে লাভ কৰিছে এগৰাকী মহিলা মন্ত্ৰী। ইয়েই প্ৰমাণ কৰে ভাৰতৰ ৰাজনীতিত মহিলা এতিয়াও কিমান পিছপৰি আছে।

অৱশ্যে হেকানী জাখালু নামৰ এইগৰাকী মহিলা বিধায়ক তথা মন্ত্ৰীয়ে নিশ্চিয়কৈ ৰাজ্যখনৰ মহিলাসকলক ৰাজনীতিলৈ অহাৰ বাট মুকলি কৰাই নহয় প্ৰেৰণাও যুগাব।

মহিলাৰ ৰাজনীতিত অংশগ্ৰহণৰ সংখ্যা বিশ্বজুৰি বৃদ্ধি পাইছে যদিও এতিয়াও পুৰুষৰ সমপৰ্যায়ত উপনীত হোৱা নাই। ২০১৩ ৰ বিশ্বজুৰি চলোৱা সমীক্ষাৰ অন্তত প্ৰকাশিত এক তথ্য অনুসৰি সকলো ৰাষ্ট্ৰীয় নেতাৰ ৮ শতাংশ আৰু ৰাষ্ট্ৰপতি পদত ২ শতাংশ হে মহিলা আছে।  তথাপিও যিকেইগৰাকী মহিলাই নেতৃত্ব গ্ৰহণ কৰিছে তেওঁলোকে কিন্তু বিশ্বজুৰি সমাদৃত হোৱাই নহয় সমানে চৰ্চিতও হৈছে।

বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা তেনে এগৰাকী শক্তিশালী ৰাজনৈতিক নেত্ৰী। চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মাগদালেনা এণ্ডাৰ্ছন, ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেট ফ্ৰেডৰিকসেন, ফিনলেণ্ডৰ ছানা মাৰিণ, নিউজিলেণ্ডৰ জেচিণ্ডা আৰ্ডাৰ্ণ, ছাৰ্বিয়াৰ আনা ব্ৰনাবিক,  এষ্টোনিয়াৰ কাজা কালাস,  আইচলেণ্ডৰ  কাট্ৰিন জেকবচডচিৰ, বাৰ্বাডোচাৰ মিয়া মটলী, মালডোভাৰ নাটালিয়া গাভ্ৰিলিটা, টাইৱানৰ তচাই ইং ৱেন, তাঞ্জানিয়াৰ ছামিয়া চুলুহু হাছান, ছিংগাপুৰৰ হালিমাহোয়াকোব, গ্ৰীচৰ কেটেৰিমা চাকেল্লাৰোপুলুৱে বিশ্ব ৰাজনীতিত বিশেষ স্থান দখল কৰিছে। সেইদৰে নেপালৰ বিদ্যা দেৱী ভাণ্ডাৰীও দক্ষিণ পূৱ এছিয়াৰ এগৰাকী স্বনামধন্য ৰাজনৈতিক নেত্ৰী।

নাই সমতা, তথাপিও পৰিয়াল এৰি দেশ চলাইছে এইসকল মহিলাই ...
বৃদ্ধি পাইছে ৰান্ধনিশালৰ পৰিসৰ : সংসাৰৰ পৰা ব্যৱসায়লৈ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in