৩৮ টা পৰিয়ালক নগাঁও জিলা উপায়ুক্তৰ সভাকক্ষত আনুষ্ঠানিকভাৱে মাটিৰ পট্টা প্ৰদান...

"ইতিহাসে সকিয়াই যি জাতিৰ মাটি নাথাকে, সেই জাতি বিলুপ্ত হয়" । সেয়ে, অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ সকলৰ হাতত মাটি পট্টা তুলি দিয়াটোৱেই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ খনৰ অন্যতম এক প্ৰাক নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল ।

author-image
Asomiya Pratidin
New Update
৩৮ টা পৰিয়ালক নগাঁও জিলা উপায়ুক্তৰ সভাকক্ষত আনুষ্ঠানিকভাৱে মাটিৰ পট্টা প্ৰদান...

ভূমি পট্টা প্ৰদান

ডিজিটেল সংবাদ, বেবেজীয়াঃ "ইতিহাসে সকিয়াই যি জাতিৰ মাটি নাথাকে, সেই জাতি বিলুপ্ত হয়" । সেয়ে, অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ সকলৰ হাতত মাটি পট্টা তুলি দিয়াটোৱেই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ খনৰ অন্যতম এক প্ৰাক নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল ৷

Advertisment

এই প্ৰতিশ্ৰুতি ৰক্ষা কৰিয়েই ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন ৰাজ্য চৰকাৰে সোমবাৰৰ দিনটোত ৰহা সমষ্টিৰ অন্তৰ্গত লংজাপ, শিঙিমাৰী, বৰপথাৰ, আমচৈ গাঁও পঞ্চায়তৰ অন্তৰ্গত প্ৰায় ৩২২ টা জনজাতি পৰিয়ালৰ ৩৮ টা পৰিয়ালক আজি নগাঁও জিলা উপায়ুক্তৰ সভাকক্ষত আনুষ্ঠানিকভাৱে মাটিৰ পট্টা প্ৰদান কৰে ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে ৷

মাটিৰ পট্টা প্ৰদান কৰি ভূমিহীন এই জাতি ভাই খিলঞ্জীয়া লোকসকলে আজি বছৰ বছৰ ধৰি তেওঁলোকক চৰকাৰীভাৱে বিভিন্ন সুবিধাৰ পৰা বঞ্চিত হৈ অহাৰ কথা উল্লেখ কৰি বিধায়ক শশীকান্ত দাসে কয় যে এইসকল লোকে আজি স্বাধীনতাৰ আগৰে পৰা ৰহা সমষ্টিৰ অন্তৰ্গত তথা বন বিভাগৰ অধিনিয়মৰ অধীনস্থ বিভিন্ন স্থানত বসবাস কৰি আহিছিল যদিও সেই মাটি ডোখৰ নিজৰ বুলিবলৈ তেওঁলোকৰ কোনো যাৱতীয় নথি-পত্ৰ হাতত মজুত নাছিল ।

পট্টা প্ৰদান
পট্টা প্ৰদান

যাৰ পৰিপেক্ষিতত তেওঁলোকে চৰকাৰৰ পৰা পাবলগীয়া প্ৰধানমন্ত্ৰী আৱাস গৃহ,আন আন চৰকাৰী সুবিধা সমূহকে ধৰি তেওঁলোকৰ লৰা-ছোৱালীয়ে বিদ্যালয়- মহাবিদ্যালয়ত অধ্যয়ন কৰিবলৈ বিভিন্ন অসুবিধাৰ সন্মুখীন হ'ব লগীয়াত পৰিছিল ৷ কিন্ত অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি এই সকল খিলঞ্জীয়া জাতি ভাই ভূমিপুত্ৰৰ হাতত মাটিৰ পট্টা তুলি দিবলৈ পায় আমি নথৈ আনন্দিত আৰু সুখী হৈছো ৷

এইসকল জাতি ভাই ভূমিপুত্ৰ লৈ মাটি পট্টা আগবঢ়াই জাতি-মাটি ৰক্ষাৰ প্ৰকৃত আৰু একমাত্ৰ ত্ৰাণকৰ্তাত পৰিণত হৈছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰ খন ৷ বৰ্তমান মুখ্যমন্ত্ৰীৰ নেতৃত্বত ৰহা সমষ্টিৰ বিভিন্ন উন্নয়ন সম্ভৱ হৈছে বুলিও উপস্থিত ৰাইজৰ সন্মুখত অৱগত কৰে ৷

নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু মহকুমা কল্যাণ বিষয়া কাৰ্যালয়ৰ ব্যৱস্থাপনাত উপায়ুক্তৰ সভাকক্ষত আজি দিনৰ ১২ বজাত আয়োজিত এই মাটিৰ পট্টা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে নগাঁৱৰ অতিৰিক্ত উপায়ুক্তদ্বয় ক্ৰমে শান্তনা বৰা, প্ৰশান্ত বৰুৱা, মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক তথা গাণনিক জয়ৰাম দেউৰী, বিজেপি নেতা সুৰ্বণ সিঙকে প্ৰমুখ্যে কৰি আন কেইবাজনো বিশিষ্ট ব্যক্তি ৷

উল্লেখ্য যে আজি প্ৰদান কৰা এই মাটি পট্টা প্ৰদান কাৰ্যসূচীটি বন অধীকাৰ আইন ২০০৬ অধীনত যি সমূহ জনজাতি মাটি পট্টাহীন লোক ৰহা সমষ্টিৰ বিভিন্ন স্থানত বসবাস কৰি আহিছিল সেই সকলক আজি আনুষ্ঠানিকভাৱে এই মাটি পট্টা প্ৰদান কৰা হয় ৷ পৰৱৰ্তী সময়ত যি সকল লোক আজি উপস্থিত নাই সেইসকলে মহকুমা কল্যাণ বিষয়া কাৰ্যালয় নগাঁৱৰ পৰা মাটি পট্টাসমূহ গ্ৰহণ কৰিব পাৰিব বুলি জানিবলৈ দিয়ে ৷

Also Read: নিচামুক্তি কেন্দ্ৰত চাদেন ভিজিত মন্ত্ৰী পীযুষ হাজৰিকাৰ...

#land patta