নৱৰূপ জাতীয় বিদ্যাপীঠৰ ২১ সংখ্যক প্ৰতিষ্ঠা দিৱস

 নৱৰূপ জাতীয় বিদ্যাপীঠৰ ২১ সংখ্যক প্ৰতিষ্ঠা দিৱস

ডিজিটেল সংবাদ ,নগাঁওঃ নগাঁও চহৰৰ অসমীয়া মাধ্যমৰ অগ্ৰণী শিক্ষানুষ্ঠান নৱৰূপ জাতীয় বিদ্যাপীঠৰ শুকুৰবাৰে একৈশ সংখ্যক প্ৰতিষ্ঠা দিৱস বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় ৷ প্ৰতিষ্ঠা দিৱসৰ লগত সঙ্গতি ৰাখি অসমৰ তিনিগৰাকী বিশিষ্ট ব্যক্তিৰ নামত উৎসৰ্গিত নীলকান্ত বৰুৱা বিজ্ঞান পৰীক্ষাগাৰ (ৰসায়ন বিজ্ঞান আৰু পদাৰ্থ বিজ্ঞান), কবি-সমালোচক, অধ্যাপক ভবেন বৰুৱা আৰু অভিযন্তা- ঔপন্যাসিক আৰু লেখিকা গীতা হাঞ্ছেপী শ্ৰেণী কক্ষ উন্মোচন কৰি শিক্ষাৰ্থীসকলৰ কাৰণে মুকলি কৰা হয়৷

ডিফুৰ অজিত ছিংনাৰ আৰু গীতা হাঞ্ছেপীৰ লগতে শিক্ষাবিদ-নাৰী শিক্ষাৰ বাটকটীয়া নীলকান্ত বৰুৱা আৰু অধ্যাপক-কবি ভবেন বৰুৱাৰ পৰিয়ালৰ কুৰিৰো অধিক সন্মানীয় সদস্যৰ উপস্থিতিত তেখেতসকলৰ নিজ হাতেৰে শ্ৰেণী কক্ষ আৰু বিজ্ঞান পৰীক্ষাগাৰৰ শুভ উন্মোচন কৰা হয় ৷ বিদ্যানুৰাগী, সম্ভ্ৰান্ত পৰিয়ালৰ অৰ্থ সাহায্যৰে নিৰ্মিত এই তিনিটা শ্ৰেণী কক্ষৰ সংযোজনে নৱৰূপ জাতীয় বিদ্যাপীঠৰ শৈক্ষিক আন্ত:গাঁথনিক অধিক মজবুত কৰিলে৷ বিদ্যাপীঠৰ কৰ্তৃপক্ষৰ ধাৰণা যে অসমৰ শিক্ষা, সংস্কৃতি, সমাজ, সাহিত্য ক্ষেত্ৰত অসামান্য অৰিহণা আগবঢ়োৱা বৰেণ্য বিদ্বান ব্যক্তিসকলৰ নামত উৎসৰ্গিত এই শৈক্ষিক আন্ত:গাঁথনিয়ে আমাৰ উদীয়মান শিক্ষাৰ্থীসকলক অসমীয়া বৌদ্ধিক চেতনা আৰু ঐতিহ্যৰে সংপৃক্ত হৈ থাকিবলৈ প্ৰেৰণা যোগাব৷

অনুষ্ঠানৰ আৰম্ভণিতে বিদ্যাপীঠৰ পতাকা উত্তোলন কৰি সভাপতি ড: কমল শইকীয়াই চমু ভাষণেৰে সংশ্লিষ্ট সকলোৰে একনিষ্ঠ সেৱা আৰু ত্যাগৰ বাবে অভিবাদন জনায় আৰু ছাত্ৰ-ছাত্ৰী সকলক উপযুক্ত শিক্ষা আৰু একাগ্ৰ সাধনাৰে আগবাঢ়িবলৈ আহ্বান জনায়৷নৱৰূপ জাতীয় বিদ্যাপীঠৰ সচিব মুনীন্দ্ৰ শইকীয়া, প্ৰধান শিক্ষয়িত্ৰী নিভা শইকীয়া, ৰেক্টৰ সংগীতা বৰুৱা,অধ্যক্ষা উৎপলা বৰা আৰু শিক্ষক শিক্ষয়িত্ৰীৰ সহযোগত বিভিন্ন ক্ষেত্ৰত উৎকৰ্ষতা প্ৰদৰ্শন কৰা ছাত্ৰ-ছাত্ৰীক গুণাভিৰাম বৰুৱা বঁটা, আনন্দ ৰাম ঢেকিয়াল ফুকন বঁটা আৰু হেমচন্দ্ৰ বৰুৱা বঁটা প্ৰদান কৰা হয় ৷

সাংস্কৃতিক অনুষ্ঠানৰ পাছতে বিদ্যাপীঠৰ শিক্ষাৰ্থীসকলে খোল বাদনেৰে বিশিষ্ট অতিথি সকলক উষ্ম আদৰণি জনায়৷ শ্ৰেণী কক্ষ উন্মোচনৰ পাছত নৱউন্মোচিত ভবেন বৰুৱা কক্ষত তিনিওটা পৰিয়ালৰ প্ৰতিনিধি, স্থানীয় নাগৰিক, শিক্ষক অভিভাৱকৰ উপস্থিতিত এখন মুকলি সভা অনুষ্ঠিত হয়৷সভাত বিশিষ্ট সমালোচক প্ৰভাত বৰা, সংশ্লিষ্ট পৰিয়ালৰ তৰফৰ পৰা ডা° জয়ন্ত বৰুৱা, উপলা বৰুৱা, অঞ্জনা চলিহা,ডা: মৃগাঙ্ক শেখৰ চলিহা, কমল শইকীয়া, জীৱন নৰহে এই তিনিওগৰাকী বিশিষ্ট ব্যক্তিৰ জীৱন আৰু কৰ্মৰ ওপৰত আলোকপাত কৰি বক্তব্য ৰাখে ৷ সভাত বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতি,কবি ডা: প্ৰয়াগ শইকীয়া,প্ৰদীপ শইকীয়া,ড: বিপুল মালাকাৰ, ডিফুৰ বিশিষ্ট সাংবাদিক সঞ্জু বৰা,ভৱ প্ৰসাদ দেউৰীকে গণ্য মান্য ব্যক্তি সকল উপস্থিত থাকে।

 নৱৰূপ জাতীয় বিদ্যাপীঠৰ ২১ সংখ্যক প্ৰতিষ্ঠা দিৱস
APSC পৰীক্ষাত জিলিকিল দন্ত চিকিৎসক মনোজ মিলি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in