/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/bbe4236f-f0df-4996-8866-276455d8876c/5.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ ধৈৰ্য একাগ্ৰতা আৰু মনোবল থাকিলে সকলোতে সফলতা লাভ কৰিব পাৰি । তাৰেই যেন আকৌ প্ৰমাণ দিলে সদ্য ঘোষিত আৱকাৰী পৰিদৰ্শকৰ ফলাফলে । সদ্য ঘোষিত অসম আৱকাৰী পৰিদৰ্শকৰ পৰীক্ষাত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হয় শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ বোকাগাঁও মিৰি অঞ্চলৰ নিবাসী নয়ন মিলি আৰু পুষ্পাঞ্জলী মিলিৰ সু-সন্তান ডা° মনোজ মিলিয়ে ।
পেছাত এগৰাকী দন্ত চিকিৎসক হিচাপে চিলাপথাৰত কাৰ্যনিৰ্বাহ কৰি থকাৰ সমান্তৰাল ভাৱে অসম আৱকাৰী পৰিদৰ্শক পৰীক্ষাৰ বাবে নিজকে সাজু কৰি তুলিছিল । জানিব পৰা মতে দন্ত চিকিৎসকৰ সমান্তৰালকৈ চলাই গৈছিল নিজৰ অধ্যয়ন । অৱশেষত জীৱনৰ কঠিন লক্ষ্যত নিজকে প্ৰতিষ্ঠা কৰি সদ্য ঘোষিত অসম আৱকাৰী পৰিদৰ্শকৰ পৰীক্ষাত আৱকাৰী পৰিদৰ্শক হিচাপে নিজৰ নাম খোদিত কৰিবলৈ সক্ষম হয় ডা° মনোজ মিলি নামৰ এই গৰাকী মেধা পৰীক্ষাৰ্থীয়ে ৷
অঞ্চলটোৰ মেধা সম্পন্ন ডা° মনোজ মিলিক এই সফলতাৰ বাবে আজি বিয়লি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ঢোল, তাল বজাই নৃত্য কৰি সাংস্কৃতিক শোভাযাত্ৰাৰে আদৰি আনি বোকাগাঁও মিৰি উন্নয়ন সমিতি, বোকাগাঁও মিচিং মহিলা সমিতি, শোণিতপুৰ জিলাৰ ট্ৰাইবেল সংঘ আৰু শ্বহীদ কমলা মিৰি যুৱক সংঘৰ তৰফৰ পৰা বোকাগাঁও মিৰি নামঘৰ প্ৰাঙ্গনত উষ্ম অভিনন্দন জনাই বিপুল সম্বৰ্দ্ধনা জ্ঞাপন কৰে ।
Also Read: টেঙাখাত মহাবিদ্যালয়ত বিংশতিতম সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ অধিৱেশনৰ লাইখুঁটা স্থাপন