ন্যায় ব্যৱস্থাৰ প্ৰতি অবিশ্বাস সৃষ্টিৰ অপচেষ্টাঃ মুখ্য ন্যায়াধীশলৈ ২১ প্ৰাক্তন ন্যায়াধীশৰ পত্ৰ

ফেক নিউজ, চৰিত্ৰ হননৰ দৰে পন্থাৰে বিচাৰ ব্যৱস্থাৰ প্ৰতি অবিশ্বাস তৈয়াৰ কৰা অপচেষ্টাৰ অভিযোগ
ন্যায় ব্যৱস্থাৰ প্ৰতি অবিশ্বাস সৃষ্টিৰ অপচেষ্টাঃ মুখ্য ন্যায়াধীশলৈ ২১ প্ৰাক্তন ন্যায়াধীশৰ পত্ৰ
ন্যায় ব্যৱস্থাৰ প্ৰতি অবিশ্বাস সৃষ্টিৰ অপচেষ্টাঃ মুখ্য ন্যায়াধীশলৈ ২১ প্ৰাক্তন ন্যায়াধীশৰ পত্ৰ

ডিজিটেল ডেস্কঃ দেশৰ ন্যায়িক ব্যৱস্থাক দুৰ্বল কৰাৰ ষড়যন্ত্ৰ চলিছে। ফেক নিউজ আৰু চৰিত্ৰ হননৰ দৰে পন্থা অৱলম্বন কৰি মানুহৰ মনত বিচাৰ ব্যৱস্থাৰ প্ৰতি অবিশ্বাস তৈয়াৰ কৰা চেষ্টা কৰিবলৈ চেষ্টা কৰি আছে এটা নিৰ্দিষ্ট গোষ্ঠীয়ে। এই ভয়ংকৰ অভিযোগেৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়লৈ পত্ৰ প্ৰেৰণ কৰিলে ২১ গৰাকীকৈ প্ৰাক্তন ন্যায়াধীশে।

মুখ্য ন্যায়াধীশগৰাকীলৈ লিখা পত্ৰত প্ৰাক্তন ন্যায়াধীশসকলৰ আশংকা- সংকীৰ্ণ ৰাজনৈতিক মানসিকতাৰে ব্যক্তিগত স্বাৰ্থৰ বাবে দেশৰ বিচাৰ ব্যৱস্থাৰ আস্থা নষ্ট কৰিবলৈ চেষ্টা চলিছে। দুৰ্নীতিৰ অভিযোগত এজনৰ পাছত এজনকৈ দেশৰ ৰাজনৈতিক নেতা এতিয়া কাৰাবন্দী। ফেক নিউজ আৰু চৰিত্ৰ হননৰ দৰে পন্থা অৱলম্বন কৰি মানুহৰ মনত বিচাৰ ব্যৱস্থাৰ প্ৰতি অবিশ্বাস তৈয়াৰ কৰাৰ চেষ্টা চলাই আছে নিৰ্দিষ্ট এক গোষ্ঠীয়ে। এনে ঘটনাক লৈ আমি খুবেই উদ্বিগ্ন।

পত্ৰখনত কোনো নিৰ্দিষ্ট ব্যক্তি, ৰাজনৈতিক দল বা সংগঠনৰ নাম উল্লেখ কৰা হোৱা নাই। তথাপিও ৰাজনৈতিক বিশেষজ্ঞ তথা আইনজ্ঞসকলে এই পত্ৰৰ দ্বাৰা বিচাৰব্যৱস্থাৰ প্ৰতি আস্থা হ্ৰাস কৰাৰ সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি আচলতে বিৰোধীকেই লক্ষ্য কৰি লোৱা হৈছে বুলি দাবী কৰিছে। কাৰণ বিগত দিনসমূহত কেইবাটাও ইছ্যুত বিচাৰব্যৱস্থাৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰিছিল বিৰোধীয়ে।

মূখ্য ন্যায়াধীশক উদ্দেশ্যি লিখা পত্ৰখনত প্ৰাক্তন ন্যায়াধীশসকলে লিখিছে- অসত্য আৰু ভুল তথ্য তুলি ধৰি বিচাৰব্যৱস্থাৰ প্ৰতি দেশৰ জনগণ তথা সাধাৰণ মানুহৰ ভাবাবেগ নষ্ট কৰাৰ চেষ্টা চলিছে। এই ঘটনা কেৱল অনৈতিকেই নহয়, গণতন্ত্ৰৰ মৌলিক নীতিৰ বাবেও ক্ষতিকাৰক।

এই ধৰণৰ ঘটনাৰ বিৰুদ্ধে কঠোৰ পদক্ষেপৰ বাবে আবেদন জনাই প্ৰাক্তন ন্যায়াধীশসকলে কয়, এই কঠিন পৰিস্থিতিত আমি বিচাৰ বিভাগৰ সৈতে কান্ধত কান্ধ মিলাই আগবাঢ়িবলৈ সাজু। বৰ্তমান পৰিস্থিতিৰ পৰা বিচাৰ বিভাগক ৰক্ষা কৰিব লাগিব। বিচাৰ বিভাগৰ ভাৱমূৰ্তি অক্ষুন্ন ৰখাৰ স্বাৰ্থত কিছু মানুহে নিজে মনত তৈয়াৰ কৰি লোৱা কিছুমান কথাৰ প্ৰচাৰৰ জৰিয়তে ন্যায়ালয়ৰ সিদ্ধান্তক প্ৰভাবিত কৰাৰ অপচেষ্টাৰ বিৰুদ্ধেও যুঁজিব লাগিব।

যি ২১ জন প্ৰাক্তন ন্যায়াধীশে এই পত্ৰ লিখিছে তেওঁলোকৰ মাজত আছে উচ্চতম ন্যায়ালয়ৰ ৪ জন প্ৰাক্তন ন্যায়াধীশ। বাকী ১৭ জন একাধিক উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ।

উল্লেখ্য যে, সম্প্ৰতি দিল্লী, ঝাৰখণ্ড, পশ্চিমবংগসহ একাধিক অবিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীকে ধৰি অন্যান্য মন্ত্ৰী, নেতা দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ হৈ কাৰাগাৰত বন্দী হৈ আছে। নিৰ্বাচনৰ পূৰ্বে এনে গ্ৰেপ্তাৰৰ বাবে বিৰোধীয়ে শাসকীয় বিজেপিৰ প্ৰতি ৰাজনৈতিক আক্ৰোশৰ আঙুলি উত্থাপন কৰিছে।

কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ বিৰুদ্ধেও উত্থাপিত হৈছে পক্ষপাতিত্বৰ অভিযোগ। বিৰোধী শিবিৰৰ পৰা একাধিকবাৰ অভিযোগ কৰা হৈছে যে, বিচাৰ ব্যৱস্থাৰে জড়িত একাংশয়েও নিজৰ দায়িত্ব পাহৰি পক্ষপাতমূলক আচৰণ কৰিছে। শেহতীয়াকৈ পশ্চিমবংগ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অভিজিৎ গঙ্গোপাধ্যায়ে দায়িত্বৰ পৰা অব্যাহতি লৈ বিজেপিত যোগদান কৰিছে। এনে পৰিস্থিতিৰ মাজতে ২১ প্ৰাক্তন ন্যায়াধীশে লিখা এই পত্ৰই দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ন্যায় ব্যৱস্থাৰ প্ৰতি অবিশ্বাস সৃষ্টিৰ অপচেষ্টাঃ মুখ্য ন্যায়াধীশলৈ ২১ প্ৰাক্তন ন্যায়াধীশৰ পত্ৰ
টেঙাখাত শাখা সাহিত্য সভাৰ দ্বাৰা ৩ সন্মানীয় ব্যক্তিক বিহুৰ ওলগ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in