টেঙাখাত শাখা সাহিত্য সভাৰ দ্বাৰা ৩ সন্মানীয় ব্যক্তিক বিহুৰ ওলগ...

তিনিওগৰাকী ব্যক্তিক ঘৰে ঘৰে গৈ জনালে বিহুৰ ওলগ
টেঙাখাত শাখা সাহিত্য সভাৰ দ্বাৰা ৩ সন্মানীয় ব্যক্তিক বিহুৰ ওলগ...
টেঙাখাত শাখা সাহিত্য সভাৰ দ্বাৰা ৩ সন্মানীয় ব্যক্তিক বিহুৰ ওলগ...

ডিজিটেল সংবাদ টেঙাখাত: অসম সাহিত্য সভাৰ বিশেষ কাৰ্যসূচী অনুসৰি ব'হাগৰ পহিলা দিনটোত টেঙাখাত শাখা সাহিত্য সভাৰ এটি সজাতি দলে অঞ্চলটোৰ ৬০ উৰ্ধ্বৰ বিশিষ্ট সন্মানীয় ব্যক্তি তথা সাহিত্য সংস্কৃতিৰ লগত জড়িত অৱসৰপ্ৰাপ্ত শিক্ষকক ঘৰে ঘৰে গৈ শ্ৰদ্ধা জ্ঞাপন কৰে।

টেঙাখাত শাখা সাহিত্য সভাৰ সম্পাদক পলাশ জ্যোতি শৰ্মা উপ-সভাপতি জয়ন্ত শইকীয়া প্ৰাক্তন সভাপতি কাৰ্তিক হাজৰীকা, ডিব্ৰুগড় জিলা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য দূৰ্গা বৰগোহাঁই হিৰণ্য চেতিয়া গগৈ, সাংবাদিক ৰূপম গগৈসহ প্ৰতিনিধি দলটিয়ে অৱসৰপ্ৰাপ্ত শিক্ষক-শিক্ষয়িত্ৰী ক্ৰমে তিৰলীয়া চকলীভৰীয়া গাঁৱৰ বাসিন্দা অনুপমা বড়া গগৈ সৰু-অভয়পুৰীয়া গাওঁ নিবাসী ভদ্ৰ চুতীয়া আৰু পানীমুদী গাওঁ নিবাসী তৈলেন বৰুৱাক ফুলাম গামোচা তথা অসম সাহিত সভাৰ সভাপতি প্ৰধান সম্পাদকৰ স্বাক্ষৰিত ওলগণি পত্ৰৰে শ্ৰদ্ধা জ্ঞাপন কৰে।

অৱসৰপ্ৰাপ্ত শিক্ষক মেধি হাতুলা দেবেন গগৈয়েও প্ৰতিনিধি দলটিক শলাগ জনায় বক্তব্য প্ৰদান কৰে।

টেঙাখাত শাখা সাহিত্য সভাৰ দ্বাৰা ৩ সন্মানীয় ব্যক্তিক বিহুৰ ওলগ...
ৰঙালীৰ আনন্দৰ মাজতেই বিজেপিৰ আইন কোষৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in