/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/9192d1d3-7754-470f-9f82-289741acbe53/aghaitang.jpg)
ডিজিটেল সংবাদ,নগাঁও : নগাঁও জিলাৰ ডবকাত ছাত্ৰ নিৰুদ্দেশৰ ঘটনা ৷ একেলগে দুটিকৈ কিশোৰ সন্ধানহীন হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/f77315d3-286f-440d-9759-bb833704dce5/3e02b967_bbee_4e35_a8c1_4888b41f5985.jpg)
সন্ধানহীন হোৱা কিশোৰ দুটিৰ বয়স এজনৰ ১১ আৰু আনজনৰ ১৩ বছৰ বুলি পৰিয়ালৰ লোকে উল্লেখ কৰে ৷ ডবকা ষ্টেট বেংকৰ কাষৰে পৰা নিৰুদ্দেশ হয় দুই কিশোৰ ৷ জানিব পৰামতে তেওঁলোক পুৱা চাইকেল চলাবলৈ গৈ সম্প্ৰতি উভতি অহা নাই ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/eb55971d-c9e5-4585-9e55-77641a004fe4/84a224ee_8c07_4419_af0a_86fcf5497fb8.jpg)
ইফালে পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি, নিৰুদ্দেশ হোৱা দুই কিশোৰৰ নাম তৌচিন আখতাৰ (১১) আৰু আফতাৰ উদ্দিন (১৩) ৷ কোনো সন্ধান পালে ডবকা আৰক্ষী নাইবা পৰিয়ালৰ ফোন নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে ৷ নম্বৰ দুটা হ'ল- ৯৮৬৪৮ ২৫৮৫৬ আৰু ৭০০২৮১২৯৩৯ ৷
Also Read: গহপুৰ শংকৰদেৱ শিক্ষা নিকেতনৰ ৩ শিক্ষাৰ্থীৰ কৃতিত্ব