গহপুৰ শংকৰদেৱ শিক্ষা নিকেতনৰ ৩ শিক্ষাৰ্থীৰ কৃতিত্ব

সদ্যঘোষিত Common University Entrance Test (CUET)ৰ ফলাফলত গহপুৰস্থিত শংকৰদেৱ শিক্ষা নিকেতনৰ ৩ গৰাকী শিক্ষাৰ্থীৰ কৃতিত্ব

author-image
Asomiya Pratidin
New Update
গহপুৰ শংকৰদেৱ শিক্ষা নিকেতনৰ ৩ শিক্ষাৰ্থীৰ কৃতিত্ব

ডিজিটেল ডেস্ক : সদ্যঘোষিত Common University Entrance Test (CUET)ৰ ফলাফলত গহপুৰস্থিত শংকৰদেৱ শিক্ষা নিকেতনৰ ৩ গৰাকী শিক্ষাৰ্থীৰ কৃতিত্ব। বিদ্যালয়খনৰ ৩গৰাকী কৈ ছাত্ৰ-ছাত্ৰীয়ে ভাৰতৰ অগ্ৰণী শিক্ষানুষ্ঠান দিল্লী বিশ্ববিদ্যালয়ৰ অধীনত অধ্যয়নৰ সুবিধা লাভ কৰিছে।

Advertisment

এই কৃতি শিক্ষাৰ্থী কেইগৰাকী ক্ৰমে ৰক্তিম প্রবাল বৰা (পদাৰ্থ বিজ্ঞান), নিত্যাক্ষী নিৰলা (ৰাজনীতি বিজ্ঞান), ভাৱাৰ্ণব অশোক শ‍ইকীয়া(ৰাজনীতি বিজ্ঞান আৰু সমাজতত্ব)। বিদ্যালয়খনৰ ৩ শিক্ষাৰ্থীৰ এই সফলতাই সমগ্ৰ অঞ্চল তথা বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে। বিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা কেউগৰাকী শিক্ষাৰ্থীকে অভিনন্দন জনায়।

উল্লেখ্য যে, উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফলত ৰক্তিম প্রবাল বৰাই বিজ্ঞান শাখাত ৯৩.২%, ভাৱার্ণব অশোক শ‍ইকীয়াই কলা শাখাত ৯২.২% আৰু নিত্যাক্ষী নিৰলাই ৮৯% লাভ কৰিছিল।

Also Read: এম বাথাক মুক্তি নিদিয়ালৈকে শান্তি আলোচনা বন্ধ ৰখাৰ হুংকাৰ এন এল এফ বিৰ

education department of assam