/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/df0ed976-c251-4b69-b540-a90e17a2126f/kmss.jpg)
ডিজিটেল সংবাদ,কামপুৰ : নগাওঁ জিলাৰ কামপুৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিষ্ঠা দিৱস উদযাপন। ২০০৫ চনৰ ২০ জুলাইত তেজপুৰত জন্মগ্ৰহন কৰা ৰাজ্যৰ অন্যতম কৃষক সংগঠন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আজি ১৯সংখ্যক প্ৰতিষ্ঠা দিৱস।
বৃহস্পতিবাৰে সমগ্ৰ ৰাজ্যৰ লগতে কামপুৰতো প্ৰতিষ্ঠা দিৱসটি দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। কামপুৰ আঞ্চলিক কৃষক মুক্তিৰ উদ্যোগত আৰু আঞ্চলিক সমিতিৰ কাৰ্যালয়ত আয়োজন কৰা এই কাৰ্যসূচীত উপস্থিত থাকে ৰাজ্যিক সভাপতি ৰাজু বৰা।
পুৱা পতাকা উত্তোলনৰে কাৰ্যসূচী আৰম্ভ কৰে কামপুৰ আঞ্চলিক কৃষক মুক্তি সমিতিৰ সভাপতি হোমেশ্বৰ পাঠকে আৰু ছহিদ তৰ্পন কৰে দুগেশ্বৰ লস্কৰ,উমা দাস,পুনেন্দু বৰা আৰু নৱিৰ হুছেইনে। অনুষ্ঠানত উপস্থিত থাকি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতিগৰাকীয়ে কয় যে, ২০০৫ চনতে সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভা সমাধি ক্ষেত্ৰত লোৱা শপত বাক্য আজিয়ো দৃঢ়তাৰে সংগ্ৰাম অব্যাহত ৰখা হৈছে।
ইয়াৰোপৰি ভূমি অধিকাৰ, সম্পদ অধিকাৰ,পথাৰত ১০০ শতাংশ জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ দাবী পূৰণৰ বাবে চৰকাৰৰ ওচৰত শক্তিশালী ৰূপত সংগ্ৰাম অব্যাহত ৰখা হ'ব বুলি মন্তুব্য কৰে। লগতে কৃষক মুক্তিৰ সভাপতিজনে ৰাজ্যত চলি থকা হিন্দু-মুছলিমৰ ৰাজনীতি আৰু মূল্যবৃদ্ধিৰ সম্পৰ্কটো বহু গুৰুতৰ মন্তুব্য কৰে।
তেওঁ কয় চৰকাৰী পক্ষৰ ভোট বেংকৰ স্বাৰ্থত হিন্দু -মুছলিমৰ ভেদাভেদৰ শব্দবোৰ সৃষ্টি হৈছে। আমি বৃহত্তৰ অসমীয়া জাতি বুলি উল্লেখ কৰি কয় যে, এইখন শংকৰ -আজানৰ দেশ,ইয়াত কোনো হিন্দু-মুছলমানৰ স্থান নাই । যি অসমীয়া জাতিৰ হিতৰ বাবে চিন্তা কৰিব আমি তেওঁলোকক লৈ আগবাঢ়িম বুলি মন্তুব্য কৰে।
মূল্যবৃদ্ধিৰ সম্পৰ্কত কৃষক নেতাজনে মন্তুব্য কৰে যে, এটা সময়ত এইসকল বি জে পি নেতাই পিয়াজৰ মালা লৈ ৰাইজৰ ওচৰত ভেঁকোভাওনা কৰিছিল । যিখিনি বজাৰত মূল্যবৃদ্ধিৰ জুই জ্বলিছে সেই সময়ত প্ৰকৃত কৃষকে উৎপাদন কৰা কৃষিজাত সামগ্ৰীৰ উচিত মূল্য পোৱা নাই। বিপৰীতে একাংশ মধ্যভোগীয়ে মুনাফা লুটি আহিছে।
তেওঁ দালালৰাজ নিঃশেষ কৰি কৃষকসকলে উৎপাদন কৰা সামগ্ৰীৰ উপযুক্ত মূল্য পোৱাৰ লগতে ৰাইজক সুলভমূল্যত খাদ্য সামগ্ৰী যোগান ধৰাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায়। ৰাজ্যৰ বান-গৰাখহনীয়া সমস্যাৰ সম্পৰ্কতো কৃষক মুক্তিৰ সভাপতি ৰাজু বৰাই গুৰুত্বপূৰ্ণ মন্তব্য কৰে।
ৰাইজৰ উপকাৰ নোহোৱা সস্তিয়া কামত কামত চৰকাৰে ধন খৰছ কৰিছে যদিও বানপানীত ভাঙি যোৱা বহু মাথাউৰী আজিও মেৰামতি নোহোৱাত কৃষক মুক্তিৰ সভাপতিজনে চৰকাৰক গৰিহনা দিয়ে। বানত ক্ষতিহোৱা মাথাউৰীসমূহ পুনঃ নিৰ্মাণ কৰি মানুহক মানুহ হিচাপে জীয়াই থকাৰ সুবিধা কৰি দিয়াৰ বাবে দাবী জনায়।
উক্ত সভাত উপস্থিত থাকে কৃষক মুক্তিৰ নগাঁও জিলাৰ সভাপতি খগেন গায়ন,কৃষক মুক্তিৰ নেতা নীলমনি শইকীয়া আদি। সভাখনৰ আঁত ধৰে কামপুৰ আঞ্চলিক কৃষক মুক্তিৰ সম্পাদক শ্বপন হাজৰীকাই।
Also Read: দেশ জোকাৰি যোৱা মণিপুৰ কাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ