
দেশ জোকাৰি যোৱা মণিপুৰ কাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ
যোৱা ৪ মে'ত মণিপুৰৰ কাংপকপি জিলাত সংঘটিত হৈছিল এক দুষ্কাৰ্য
দলৱদ্ধ ধৰ্ষণৰ বলি হৈছিল দুগৰাকী কুকি সম্প্ৰদায় মহিলা
বুধবাৰে পোহৰলৈ আহিছিল মণিপুৰৰ উক্ত দুগৰাকী মহিলাক উলংগ কৰি ৰাজপথেৰে পেৰেড কৰাৰ দৃশ্য
সামাজিক মাধ্যমযোগে বিয়পি পৰিছিল এই সমগ্ৰ দৃশ্য
মেইটেই সম্প্ৰদায়ৰ একাংশ লোকে সংঘটিত কৰিছিল উক্ত জঘন্য কাণ্ড
এই ঘটনা পোহৰলৈ অহাৰ এদিন পিচতে মণিপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে উক্ত ঘটনাৰে জড়িত মূল অভিযুক্তক
এই জঘন্য কাণ্ডৰে জড়িত মূল অভিযুক্তজনৰ নাম পেচি আৱাং লেইকাইৰ হুইৰেম হেৰোডাছ মেইটেই
বৃহস্পতিবাৰে মাজনিশা প্ৰায় ১-৩০ বজাত আৰক্ষীয়ে মূল অভিযুক্তজনক গ্ৰেপ্তাৰ কৰে
ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে।