ঢেকিয়াপতীয়া বাঘৰ সন্ধানৰ বাবে জাৰি ১৪৪ ধাৰা

ধুবুৰীত ১৪৪ ধাৰা জাৰি
ধুবুৰীত ১৪৪ ধাৰা জাৰি

ডিজিটেল সংবাদ ,নগাঁও : নগাঁও সংমণ্ডলৰ অধীনৰ নগাঁও ৰেঞ্জৰ অন্তৰ্গত ননৈ অঞ্চলত এটা ঢেঁকীয়াপতীয়া বাঘৰ বিচৰণ। এই সন্দৰ্ভত বন বিষয়াৰ পৰা পোৱা প্ৰতিবেদনৰ পাছতেই নগাঁৱৰ জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে চি আৰ পি চিৰ ১৪৪ (১) নং ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি কৰিছে। নগাঁও সদৰ থানাৰ অন্তৰ্গত জলাহগাঁও, উজৰাগাঁও, সুতাৰগাঁও, ভেলাইগাঁও, ননৈ নামাকুৰি, নিজ পাখিমৰীয়াকে ধৰি বাঘটো যোৱাৰ সম্ভাৱনা থকা ৰাজহ চক্ৰটোৰ অন্তৰ্গত সকলো গাঁওকে ধৰি সমগ্ৰ অঞ্চলটোত নিষেধাজ্ঞা জাৰি কৰিছে।

নিষেধাজ্ঞা আদেশ অনুসৰি উল্লেখিত অঞ্চলসমূহত তলত দিয়া কাৰ্য্যকলাপসমূহ নিষিদ্ধ কৰা হৈছে।উক্ত গাঁও সমূহত পাঁচজন বা তাতকৈ অধিক ব্যক্তিৰ সমাবেশ নিষিদ্ধ , যিকোনো ধৰণৰ আগ্নেয়াস্ত্ৰ, মাৰণাস্ত্ৰ, ধনু-কাঁড় আদি কঢ়িয়াই নিয়া নিষিদ্ধ , চিঞৰ বা উচ্চ শব্দ কৰা বা আন কোনো ধৰণে জনশান্তি-শৃংখলা ভংগ কৰা বা কোনো ব্যক্তিয়ে পৰিৱেশ আৰু বন বিভাগৰ বিষয়াৰ লগতে আইন প্ৰয়োগকাৰী সংস্থাসমূহক শাৰীৰিকভাৱে অসুবিধা বা যিকোনো ধৰণে বাধাৰ সৃষ্টি কৰাটো নিষিদ্ধ। যাতে উক্ত বিষয়াসকলে সেই অঞ্চলত কোনো বাধা নোহোৱাকৈ নিজৰ কৰ্তব্য পালন কৰি মানৱ জীৱনৰ লগতে পশুধনৰ সুৰক্ষাৰ বাবে ঘূৰি ফুৰা বাঘটোক খেদি পঠিয়াব পাৰে বা ইয়াক সংযত/বন্দী কৰিব পাৰে তাৰ বাবে এই পদক্ষেপ।

পৰিৱেশ আৰু বন বিভাগৰ বিষয়া আৰু কৰ্মচাৰী / বনৰক্ষী, এএফপিএফ জোৱান, আৰক্ষী, পেৰা মিলিটাৰী বাহিনী, সশস্ত্ৰ বাহিনী, আৰু অঞ্চলটোত কৰ্তব্যৰত অন্যান্য চৰকাৰী বিষয়া আৰু কৰ্মচাৰীসকলক এই আদেশৰ পৰিসৰৰ পৰা ৰেহাই দিয়া হৈছে। এই আদেশ তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বলবৎ হ'ব আৰু পৰৱৰ্তী আদেশ নোহোৱালৈকে বৰ্তী থাকিব। এই নিষেধাজ্ঞামূলক আদেশৰ কোনো ধৰণৰ উলংঘা হ’লে উলংঘাকাৰীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

ধুবুৰীত ১৪৪ ধাৰা জাৰি
ধন্যবাদ এই সময়...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in