নগাঁও জিলা তিৱা সমিতিৰ দশম দ্বি-বাৰ্ষিক অধিৱেশন

নিশা জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাওদাংৰ গীতৰ শৰাই...

author-image
Asomiya Pratidin
New Update
নগাঁও জিলা তিৱা সমিতিৰ দশম দ্বি-বাৰ্ষিক অধিৱেশন

ডিজিটেল সংবাদ,কঠীয়াতলীঃ সদৌ তিৱা ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিৰ দশম দ্বি-বাৰ্ষিক সাধাৰণ অধিৱেশনখনি দুদিনীয়াকৈ কঠীয়াতলী আঞ্চলিক খেলপথাৰত অনুষ্ঠিত হৈ যায়। কাৰ্য্যসূচী অনুসৰি প্ৰথমে মাদক দ্ৰব্য মুক্ত সমাজ ৰক্ষাৰ উদ্দেশ্যে বৃহস্পতিবাৰে পুৱা মাৰাথান দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

Advertisment

আনহাতে অনুষ্ঠানৰ দ্বিতীয়দিনা শুকুৰবাৰে পুৱা স্মৃতি তৰ্পণ,পতাকা উত্তোলন আৰু বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ আৰম্ভ কৰা হয়। দিনৰ ভাগত এখনি মুকলি সভাৰো আয়োজন কৰা হয়।

আয়োজক সমিতিয়ে জনোৱা অনুসৰি, নিশা বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ লগতে জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাওদাঙে গীত পৰিৱেশন কৰিব। দুদিনীয়া কাৰ্য্যসূচীৰে আয়োজন কৰা সমূহ কাৰ্যসূচীত সমিতিয়ে ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে।

Also Read: প্ৰদেশ কংগ্ৰেছৰ নেতা মুকুল গগৈসহ ভালেসংখ্যকে এৰিলে কংগ্ৰেছ...

Tiwa Kathiyatali