প্ৰদেশ কংগ্ৰেছৰ নেতা মুকুল গগৈসহ ভালেসংখ্যকে এৰিলে কংগ্ৰেছ...

প্ৰদেশ কংগ্ৰেছৰ নেতা মুকুল গগৈসহ ভালেসংখ্যকে এৰিলে কংগ্ৰেছ...

ডিজিটেল সংবাদ,ঢকুৱাখনা : লোকসভা নিৰ্বাচনৰ প্ৰাৰক্ষণত ৰাজনৈতিক ছুনামীয়ে যেন গোগ্ৰাসে গিলিব ধৰিছে বিৰোধী ৰাজনৈতিক শক্তিসমূহক ! সমাগত লোকসভাৰ সাধাৰণ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সন্ধিক্ষণত এক অনাকাংক্ষিত বিপর্যয়ৰ সন্মুখীন হ'ব লগা হৈছে লখিমপুৰ লোকসভা সমষ্টিৰ বিৰোধী ৰাজনৈতিক শক্তি।

প্ৰধানতঃ সমষ্টিটোত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ বহুসংখ্যক শীর্ষ ৰাজনৈতিক নেতৃত্বই দল তথা পদ ত্যাগ কৰি আশ্ৰয় লৈছে শাসকীয় বিজেপি দলত। শেহতীয়াকৈ শুক্ৰবাৰে লখিমপুৰলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আগমনৰ প্ৰাকক্ষণত কংগ্ৰেছ দলত ভয়ংকৰ খহনীয়া হোৱা পৰিলক্ষিত হয়।

প্ৰদেশ কংগ্ৰেছ সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য মুকুল গগৈ,লখিমপুৰ জিলা কংগ্ৰেছৰ উপ সভানেত্ৰী,প্ৰাক্তন জিলা পৰিষদৰ সভানেত্রী মণিকা পাতিৰ,জিলা কংগ্ৰেছৰ উপ সভাপতি দেউকণ গগৈ, ঢকুৱাখনা ব্লক কংগ্ৰেছৰ ইউথ বিগ্ৰেডৰ সভাপতি ৰমেন দাস, সাধাৰণ সম্পাদক জিতু বৰুৱা, সম্পাদক প্ৰাঞ্জল গগৈ, ব্লক এন এছ ইউ আইৰ সভাপতি ধনমণি দাস ,টাউন মণ্ডল কংগ্ৰেছৰ উপ সভাপতি ৰঞ্জিত বৰুৱা , টাউন মণ্ডল মহিলা কংগ্ৰেছৰ উপ সভানেত্রী মনি মালা বৰুৱা ,বৰপাত্ৰ এল পি স্কুল ভোট কেন্দ্ৰৰ সভাপতি সুভাষ বৰুৱাকে প্ৰমুখ্য কৰি শতাধিক কংগ্ৰেছীয়ে বিভিন্ন পদৰ লগতে দলৰ প্ৰাথমিক সদস্যৰ পদ ত্যাগ কৰে।

প্ৰদেশ কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সদস্য মুকুল গগৈয়ে শুক্ৰবাৰে দুপৰীয়া ১২-৩৫ বজাত পদত্যাগ পত্ৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ প্ৰেৰণ কৰে। তদ্ৰুপভাৱে জিলা কংগ্ৰেছৰ বিষয়ববীয়াসকলে জিলা কংগ্ৰেছৰ সভাপতি গগণ চন্দ্ৰ বৰালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে।

জানিব পৰামতে শুক্ৰবাৰে বিয়লি এইসকল কংগ্ৰেছ ত্যাগী নেতা-কৰ্মীসকলে ঢকুৱাখনা বিজেপিৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে শাসকীয় দলটোত যোগদান কৰিব।অন্যহাতে সংগৃহীত তথ্য মতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুক্ৰবাৰে বিয়লি ৩-৩০ বজাত লখিমপুৰ জিলাৰ দলহাটত এক প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰিব। উক্ত সভাত ভালেসংখ্যকে বিজেপিত যোগদান কৰিব বুলি জানিব পৰা গৈছে।

প্ৰদেশ কংগ্ৰেছৰ নেতা মুকুল গগৈসহ ভালেসংখ্যকে এৰিলে কংগ্ৰেছ...
চাফাই কৰ্মীৰ নামত মাফিয়া আতিকে কিনিছিল কোটিটকাৰ ভূমি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in