/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/76092dc2-c6b5-42f7-9831-35fe23b2d3ca/670.jpg)
ডিজিটেল সংবাদ,গুৱাহাটী: সদৌ অসম কাৰাটে সন্থাৰ উদ্যোগত ২১ ডিচেম্বৰ, বৃহস্পতিবাৰৰ পৰা চাৰিদনীয়াকৈ অনুষ্ঠিত হৈছে ‘ অসম ৰাজ্যিক কাৰাটে চেম্পিয়নশ্বিপ-২০২৩’। গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পস্থিত কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখন পূৰ্বতকৈ বিভিন্ন ক্ষেত্ৰত ব্যতিক্ৰম।
এইবাৰ কাৰাটেৰ এই ৰাজ্যিক চেম্পিয়নশ্বিপখনত ক্ৰীড়া, কলা আৰু প্ৰযুক্তিৰ সমাহাৰ ঘটিছে। ভাৰত বৰ্ষৰ ভিতৰতে প্ৰথমবাৰৰ বাবে এই প্ৰতিযোগিতাখনত ব্যৱহাৰ কৰা হৈছে ‘জয়ষ্টিক’। ইয়াৰোপৰি পোনপ্ৰথমবাৰৰ বাবে অসমত ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত ব্যৱহাৰ হৈছে ভিডিঅ’ ৰিভিউ চিষ্টেম।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে কোনো প্ৰতিযোগিতাতে এনে ব্যৱস্থা কৰা পৰিলক্ষিত হোৱা নাই। ৰেফাৰীৰ অনিচ্ছাকৃত ভুলৰ বাবে যাতে খেলুৱৈৰ সফলতাত কোনো বাধাৰ সৃষ্টি নহয় তাৰ বাবেই এই ব্যৱস্থা কৰা হৈছে।
আনহাতে সকলো পৰ্যায়ৰ খেলুৱৈয়ে যাতে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব পাৰে তাৰ ওপৰত দৃষ্টি ৰাখি এইবাৰৰ প্ৰতিযোগিতাখন সম্পূৰ্ণ বিনামূলীয়া কৰা হৈছে বুলি সন্থাৰ সম্পাদক আদৰ্শ চৌধুৰীয়ে জনাইছে। ছাব জুনিয়ৰ, কেডেট, জুনিয়ৰ, ২১ অনুৰ্ধ্বৰ আৰু ছিনিয়ৰ পৰ্যায়ত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত ল’ৰা আৰু ছোৱালী উভয়ে কাটা আৰু কুমিটে শাখাত অংশগ্ৰহ কৰিছে।
ইয়াৰোপৰি আছে ল’ৰা আৰু ছোৱালীৰ টীম ইভেণ্টছো। এইবাৰ এই প্ৰতিযোগিতাখনত ৰাজ্যৰ মুঠ ৩৬ খন জিলাৰ খেলুৱৈ, প্ৰশিক্ষক, টেকনিকেল অফিচিয়েলকে ধৰি ৫ হাজাৰ লোকে অংশগ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে।
Also Read: কেবিনেট বৈঠক : ম'হ যুঁজৰ পিছত বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত