HSLC: বটদ্ৰৱাৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ উত্তীৰ্ণৰ হাৰ ১০০%

HSLC: বটদ্ৰৱাৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ উত্তীৰ্ণৰ হাৰ ১০০%

author-image
Asomiya Pratidin
New Update
 HSLC: বটদ্ৰৱাৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ উত্তীৰ্ণৰ হাৰ ১০০%

ডিজিটেল সংবাদ, বটদ্ৰৱা: শনিবাৰে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত এশ শতাংশ উত্তীৰ্ণৰে বটদ্ৰৱালৈ গৌৰৱ কঢ়িয়াই আনিলে ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী স্কুলে। ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত পৰা ৯ গৰাকী ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছে।

Advertisment

ইয়াৰে ছাদিয়া আলম নামৰ শিক্ষাৰ্থীগৰাকীয়ে ডিষ্টিংচন, জাকাৰিয়া আলম, ছাহিল আলম, নাছিব আহমেদ, জুলফিকৰ আলি ভুট্টু নামৰ চাৰি গৰাকীয়ে ষ্টাৰ, দুগৰাকীয়ে প্ৰথম, এগৰাকী দ্বিতীয় আৰু এগৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। বটদ্ৰৱাত নকৈ প্ৰতিষ্ঠা হোৱা ব্যক্তিগত খণ্ডৰ বিদ্যালয় ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা ধাৰাবাহিক ভাৱে হাইস্কুল শিক্ষান্ত পৰীক্ষাত এশ শতাংশ ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈ অভিলেখ সৃষ্টি কৰাৰ বাবে অঞ্চলটোৰ ৰাইজে অধ্যক্ষ জুনাইদ আহমেদ চৌধুৰীক অভিনন্দন জনাইছে।

Also Read: হাইস্কুল শিক্ষান্ত পৰীক্ষাত ল'ৰা, ছোৱালীতকৈ আগত তৃতীয় লিংগৰ পৰীক্ষাৰ্থী !

hslc