হাইস্কুল শিক্ষান্ত পৰীক্ষাত ল'ৰা, ছোৱালীতকৈ আগত তৃতীয় লিংগৰ পৰীক্ষাৰ্থী !

শনিবাৰে ঘোষণা হয় হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণৰ শতকৰা ফালৰ পৰা লক্ষ্য কৰিলে দেখা যায় যে ল'ৰা, ছোৱালীতকৈ আগত আছে তৃতীয় লিংগৰ পৰীক্ষাৰ্থী।

author-image
Asomiya Pratidin
New Update
হাইস্কুল শিক্ষান্ত পৰীক্ষাত ল'ৰা, ছোৱালীতকৈ আগত তৃতীয় লিংগৰ পৰীক্ষাৰ্থী !

ডিজিটেল ডেস্কঃ শনিবাৰে ঘোষণা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণৰ শতকৰা ফালৰ পৰা লক্ষ্য কৰিলে দেখা যায় যে ল'ৰা, ছোৱালীতকৈ আগত আছে তৃতীয় লিংগৰ পৰীক্ষাৰ্থী।

Advertisment

এইবাৰ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ৭৫. ৭শতাংশ। ইয়াৰে ল'ৰাৰ উত্তীৰ্ণৰ হাৰ ৭৭.৩ শতাংশ, ছোৱালীৰ উত্তীৰ্ণৰ হাৰ ৭৪.৪ শতাংশ আৰু তৃতীয় লিংগৰ পৰীক্ষাৰ্থীৰ উত্তীৰ্ণৰ হাৰ ৮০ শতাংশ।

উল্লেখ্য যে, ১৬ ফেব্ৰুৱাৰীৰ পৰা ৪ মাৰ্চলৈ অনুষ্ঠিত হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা।এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৪,১৯,০৭৮ গৰাকী ছাত্ৰ-ছাত্ৰী। ইয়াৰে উত্তীৰ্ণ হৈছে ৩,১৭,৩১৭ গৰাকী ছাত্ৰ-ছাত্ৰী। ইয়াৰ ভিতৰত ছাত্ৰৰ সংখ্যা আছিল ১,৮৭,৯০৪ গৰাকী, ছাত্ৰীৰ সংখ্যা আছিল ২,৩১,১৬৪ গৰাকী আৰু তৃতীয় লিংগৰ আছিল ১০ গৰাকী।

এইবাৰ পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ৭৫.৭ শতাংশ। ডিষ্টিংছন নম্বৰ লাভ কৰিছে ৬,৩৯২ গৰাকীয়ে, ষ্টাৰ মাৰ্ক লাভ কৰিছে ২০,৫৫২ গৰাকীয়ে আৰু প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ১,০৫,৮৭৩ গৰাকী।

ইয়াৰ লগতে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে ১,৫০,৭৬৪ গৰাকী, তৃতীয় বিভাগত উত্তীৰ্ণ ৬০,৬৮০ গৰাকী, লেটাৰ মাৰ্ত লাভ কৰিছে ১,৯৩,১৫৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে।

Also Read: ৯১.২ শতাংশ উত্তীৰ্ণৰে শীৰ্ষত ছিৰাং, ৬০ শতাংশ উত্তীৰ্ণৰে সৰ্বনিম্নত ওদালগুৰি...

seba hslc