এশ শতাংশ উত্তীৰ্ণৰে বটদ্ৰৱালৈ গৌৰৱ কঢ়িয়াই আনিলে ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ে...

এশ শতাংশ উত্তীৰ্ণৰে বটদ্ৰৱালৈ গৌৰৱ কঢ়িয়াই আনিলে ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ে...

author-image
Asomiya Pratidin
New Update
এশ শতাংশ উত্তীৰ্ণৰে বটদ্ৰৱালৈ গৌৰৱ কঢ়িয়াই আনিলে ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ে...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মঙলবাৰে ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত এশ শতাংশ উত্তীৰ্ণৰে বটদ্ৰৱালৈ গৌৰৱ কঢ়িয়াই আনিলে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে। বটদ্ৰৱাৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা প্ৰথমবাৰৰ বাবে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা কলা, বাণিজ্য আৰু বিজ্ঞান শাখাত ৬৭ গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল।

Advertisment

ইয়াৰে কলা শাখাত প্ৰথম বিভাগত ১১ জন, দ্বিতীয় বিভাগত ১৩ জন, আৰু তৃতীয় বিভাগত ৬ জন উত্তীৰ্ণ হোৱা লগতে বিজ্ঞান শাখাত প্ৰথম বিভাগত ৬ জন দ্বিতীয় বিভাগত ১৩ জন আৰু তৃতীয় বিভাগত ২ জন উত্তীৰ্ণ হয় । বাণিজ্য শাখাত প্ৰথম বিভাগত ৩ জন, দ্বিতীয় বিভাগত ১১ জন আৰু তৃতীয় বিভাগত ২ জন উত্তীৰ্ণ হৈছে।

ইয়াৰে কলা শাখাৰ আৰজিনা নাচৰিণে সমাজতত্ত্ব বিষয়ত ৯৮ নম্বৰ লাভ কৰাৰ লগতে পাঁচটা বিষয়ত লেটাৰ নম্বৰ লাভ কৰি একাডেমী খনলৈ গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখ্য যে অঞ্চলটোৰ অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়ন কৰা ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা প্ৰথম বাৰৰ বাবে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ এশ শতাংশ ছাত্ৰ-ছাত্ৰীয়েই উত্তীৰ্ণ হৈ অভিলেখ সৃষ্টি কৰাৰ বাবে অঞ্চলটোৰ ৰাইজে অধ্যক্ষ জুনাইদ আহমেদ চৌধুৰীক অভিনন্দন জনাইছে।

Also Read: শ্ৰীমন্ত শংকৰদেৱ একাডেমীৰ সাফল্য...

higher secondary result result