শীতৰ সেমেকা নিশা পথৰ কাষত এগৰাকী আশ্ৰয়হীন মহিলা...

শীতৰ সেমেকা নিশা ৷ পথৰ কাষত এগৰাকী মহিলা ৷ নিশা কুৱলী সনা আকাশৰ তলত আশ্ৰয় মহিলাগৰাকীৰ ৷ দিনৰ পোহৰৰ পৰা বিয়লি ৷ সন্ধ্যাৰ পৰা নিশা ৷ নিশা যিমানে নামিছে শীতে

author-image
Asomiya Pratidin
New Update
শীতৰ সেমেকা নিশা পথৰ কাষত এগৰাকী আশ্ৰয়হীন মহিলা...

nagaon

ডিজিটেল সংবাদ, নগাঁও :শীতৰ সেমেকা নিশা ৷ পথৰ কাষত এগৰাকী মহিলা ৷ নিশা কুৱলী সনা আকাশৰ তলত আশ্ৰয় মহিলাগৰাকীৰ ৷ দিনৰ পোহৰৰ পৰা বিয়লি ৷ সন্ধ্যাৰ পৰা নিশা ৷ নিশা যিমানে নামিছে শীতে সিমানে আক্ৰমনা হৈ উঠিছে ৷ মানুহ গৰাকীয়ে শীতৰ লগত যুঁজিবলৈ সিমানে কাপোৰেৰে উম ল'বলৈ চেষ্টা কৰিছে ৷

প্ৰায় পঞ্চাচ বছৰীয়া মহিলাগৰাকী ৷ পথৰ কাষত শীত আৰু আন্ধাৰ সংগী ৷ কওঁতা কোনো নাই ৷ শুধোতা কোনো নাই ৷ পথৰ ওপৰেৰে আগুৱাই যোৱা গাড়ীৰ পোহৰত তীক্ষ্ণ দৃষ্টিৰে ইফালে সিফালে কাৰোবাক যেন প্ৰত্যক্ষ কৰিছে মহিলাগৰাকীয়ে ৷

মহিলাগৰাকীৰ কি নাই ৷ ঘৰুৱা আচবাব লৈ পথৰ কাষত আশ্ৰয় ৷ লেপ, তুলি , অনান্য কাপোৰ, বাচন- বৰ্তন সকলো আছে আৰু অনান্য ৷ সকলো থাকিও যেন একো নাই ৷ নিৰাশ্ৰয় মহিলাগৰাকীৰ শীতৰ নিশা আশ্ৰয় পথৰ দাঁতি ৷ কপি কপি বহি আছে ৷ চকুৰ দৃষ্টিয়ে যেন কয় কোনোৱা আহি ৷ কোন আহিব ই এক সাথৰ ৷

বিগত তিনিদিনে এনেদৰে নিশা পাৰ কৰিছে মহিলাগৰাকীয়ে ৷ ঘটনাৰ স্থান নগাঁও পলিটেকনিকৰ সমীপত ৷ পলিটেকনিক গেইট আৰু ডিমৰুগুৰি সংযোগি পথৰ কাষতে এই মহিলাগৰাকী ৷

পলিটেকনিকৰ আবাসিক এলেকাৰ ওচৰতে আশ্ৰয় মহিলাগৰাকীৰ ৷ মহিলাগৰাকী কোন বুলিলে ক'ব পাৰি হয়টো আশ্ৰয় হীনা বা মানসিক ৰোগী ৷ যিয়ে নহঁক কিয় এগৰাকী আশ্ৰয় হীন মহিলা ৷ প্ৰয়োজনীয় সকলো থকাৰ পিছটো নাই এক আশ্ৰয়স্থলী ৷

কোনোৰ মতে মহিলাগৰাকী নগাঁও জিলাৰ ৰহাৰ ৷ ৰহাৰ বিদ্যুতবিভাগৰ ওচৰতে আছে বোলে ঘৰ ৷ ৰহাৰ পৰা নগাঁও কেনেকৈ আহি পালে এই মহিলাগৰাকী ৷

পৰিচয় দিলে নিজকে পুজা দে বুলি ৷ কথা কয় যদিও মহিলাগৰাকী যেন অন্যমনস্ক ৷ ল’ৰা আহিব বুলি কয় ৷ ল’ৰা আহিলে ঘৰলৈ যাব বুলি কয় ৷ পেশাত গাড়ী চালক পুত্ৰ ৷ পুত্ৰই নিব বুলি আশাবাদী পথৰ কাষত আশ্ৰয় লোৱা মহিলাগৰাকী ৷

নিজৰ বুলি ঘৰ এখন আছে বুলিলে মহিলাগৰাকীয়ে ৷ ডিমৌৰ ভাড়াঘৰৰ পৰা মালিকে খেদি দিয়া বুলিও ক’লে ৷ ঘৰ বিচাৰি পথৰ কাষতে থকা বুলি ক’লে ৷ পুত্ৰ আহিলে যাব বুলিলে ৷

পথৰ কাষতে এনেদৰে তিনিদিনে আশ্ৰয় লোৱা মহিলাগৰাকীয়ে প্ৰকৃতাৰ্থ আশ্ৰয় কেনেকে পাব ৷ কোনে দিব আশ্ৰয় এই দুৰ্ভগীয়া মহিলাগৰাকীক ৷ নগাঁও চহৰৰ পলিটেকৰ পথৰ কাষত এনেদৰে পথৰ কাষত আশ্ৰয়হীন মহিলাগৰাকীয়ে আশ্ৰয় লোৱাৰ ঘটনাই চৰকাৰ , সমাজ , প্ৰশাসনব্যৱস্থাৰ ব্যৰ্থতাকে উদঙাই দিছে ৷

আৰু পঢ়ক :পলাশবাৰী ছোৱালী হাইস্কুলত "ষ্টেম লেব" শীৰ্ষক ব্যতিক্ৰমী গৱেষণাগাৰ মুকলি...

nagaon assam