Advertisment

পলাশবাৰী ছোৱালী হাইস্কুলত "ষ্টেম লেব" শীৰ্ষক ব্যতিক্ৰমী গৱেষণাগাৰ মুকলি...

ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ সৌজন্যত, উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষা, স্বাস্থ্য আৰু সামাজিক উত্তৰণৰ অগ্ৰনী সংস্থা এনইএআইডি(NEAID)ৰ উদ্যোগত শুকুৰবাৰে কামৰূপ

author-image
Asomiya Pratidin
New Update
পলাশবাৰী ছোৱালী হাইস্কুলত "ষ্টেম লেব" শীৰ্ষক ব্যতিক্ৰমী গৱেষণাগাৰ মুকলি...

STEM LAB

ডিজিটেল ডেস্ক : ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ সৌজন্যত, উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষা, স্বাস্থ্য আৰু সামাজিক উত্তৰণৰ অগ্ৰনী সংস্থা এনইএআইডি(NEAID)ৰ উদ্যোগত শুকুৰবাৰে কামৰূপ গ্ৰাম্য জিলাৰ ৰামপুৰ শিক্ষা খণ্ডৰ অন্ততৰ্গ পলাশবাৰী ছোৱালী হাইস্কুলত "ষ্টেম লেব" (STEM LAB) শীৰ্ষক এটি ব্যতিক্ৰমী গৱেষণাগাৰ মুকলি কৰা হয়।

Advertisment

উল্লেখ্য যে, বিগত দুটা বছৰ ধৰি সমগ্ৰ ৰাজ্যৰ ২৮ খন জিলাৰ দুই শতাধিক চৰকাৰী খণ্ডৰ বিদ্যালয়ত নতুন শিক্ষা নীতিৰ প্ৰয়োগেৰে "আই বি এম ষ্টেম ফৰ গাৰ্লছ" শীৰ্ষক এক প্ৰকল্প চলি আছে। এই আই বি এম ষ্টেম ফৰ গাৰ্লছ প্ৰকল্পৰ অধীনতে পোন প্ৰথমবাৰৰ বাবে আৰম্ভ কৰা হৈছে এই ষ্টেম লেব(STEM LAB)। এই লেবত ছাত্ৰ-ছাত্ৰী সকলে নিজৰ উদ্ভাৱন, নিজৰ চিন্তা, নিজৰ সমস্যাৰ সমাধান, নিজৰ সপোনবোৰ বাস্তৱ ক্ষেত্ৰত প্ৰতিফলিত কৰিবলৈ হাতে কামে প্ৰতিফলিত কৰিব পাৰিব।

লগতে এই লেবত বিজ্ঞান, অংক, প্ৰযুক্তি ব্যৱহাৰ বিকাশৰ প্ৰয়োগ কৰিব পাৰিব। আজি পুৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ষ্টেম লেবটি মুকলি কৰে কামৰূপ গ্ৰাম্য জিলা শিক্ষা বিষয়া তথা বিদ্যালয় সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই। এনইএআইডি কৰ্তৃপক্ষক কৃতজ্ঞতা জ্ঞাপন কৰি আগন্তুক দিনত অন্যান্য বিদ্যালয় সমূহত এই ধৰণৰ ব্যতিক্ৰম ব্যৱস্থা গ্ৰহণ কৰিলে ৰাজ্যৰ শিক্ষা ব্যৱস্থাত সহায়ক হ'ব বুলি প্ৰকাশ কৰে ঠাকুৰীয়াই।

অনুষ্ঠানত জিলা শিক্ষা আৰু প্ৰশিক্ষণ অনুষ্ঠানৰ অধ্যক্ষা ড০ পংকজা বৰুৱা, শৈক্ষিক পৰিষদৰ সচিব(Academic Council Secretary) ৰফিক উদ্দিন আহমেদ, আন্তৰ্জাতিক সংস্থা কু'য়েষ্ট এলায়েঞ্চৰ সঞ্চালক নেহা পাৰ্তি(Neha Parti), সমন্বয়ক শ্ৰাবনা হাজৰিকা, পলাশবাৰী ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক গকুলেশ্বৰ কলিতা, এনইএআইডিৰ সঞ্চালককে প্ৰমুখ্য কৰি কৰ্মকৰ্তা, শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী সকল উপস্থিত থাকে।

আৰু পঢ়ক : সত্ৰীয়া নৃত্যৰ শিল্পী দ্বীপজ্যোতি-দীপাংকৰক জ্ঞানোদয় কৃষ্টি বিকাশ কেন্দ্ৰৰ সম্বৰ্ধনা...

assam nagaon stem lab