বানত ডুবি থকা ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা চুৰি, আটক এজন…

বানত ডুবি থকা ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা চুৰি, আটক এজন…

author-image
asomiyapratidin
New Update
বানত ডুবি থকা ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা চুৰি, আটক এজন…

ডিজিটেল সংবাদ,নগাঁও: বানৰ মাজত চোৰ ৷ বানত ডুবি থকা নেহৰুবালিত চুৰি কৰি ধৰা পৰিল ভোলা ৷ হনুমান মেলাৰ ব্যৱসায় প্ৰতিষ্ঠান সমূহ বানৰ বাবে ডুবি আছে নেহৰুবালিত ৷ বানৰ কবলত পৰা ব্যৱসায় প্ৰতিস্হানসমূহত সঘনে চুৰিৰ ঘটনা সংঘটিত হৈ আহিছিল ৷

বিগত তিনিদিন নিয়মিত ভাবে চুৰি হৈ আছিল বিভিন্ন সামগ্ৰী ৷ ইয়াৰ মাজতে দেওবাৰে চোৰ ভোলাক চুৰি সামগ্ৰী লৈ গৈ থাকোতে মেলাৰ একাংশ লোকে কৰায়ত্ব কৰে ৷ লগতে মেলাৰ ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা চুৰি কৰি নিয়া একাংশ সামগ্ৰী উদ্ধাৰ কৰে ৷ কৰায়ত্ব কৰা চোৰ ভোলাৰ ঘৰ নগাঁৱৰে কদমতলাত ৷ জানিব পৰা মতে চোৰটো ড্ৰাগছ আসক্ত ৷ পিছত কৰায়ত্ব কৰা চোৰটোক আৰক্ষীক গতাই দিয়া হয় ৷

আৰু পঢ়ক: ৰিপুন বৰাৰ ওপৰত অসন্তুষ্ট, তৃণমূল কংগ্ৰেছ এৰিলে সাধাৰন সম্পাদক চিত্ত ৰঞ্জন পালে…

nagaon assam