/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/03c32405-21ed-433d-87c5-5c4e5eb64231/lgulo.jpg)
nagaon
ডিজিটেল সংবাদ, নগাঁও : নগাঁও চহৰৰ আজাদনগৰত সংঘটিত এক আত্মহত্যাৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। জামেদুৰ ৰহমান নামৰ এগৰাকী ব্যক্তিৰ ঘৰত যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা ভাড়াতীয়া হিচাপে থকা পশ্চিমবংগৰ শিলিগুড়িৰ এগৰাকী বোৱাৰীৰ চিপ লৈ থকা অৱস্থাত মৃতদেহ সোমবাৰে উদ্ধাৰ হয়।
স্থানীয় লোকৰ ভাষ্য অনুসৰি বিগত বছৰৰ শেষৰ ফালে বোৱাৰীগৰাকীয়ে ফেচবুকযোগে নগাঁও চহৰৰ ৰফিক আহমেদ নামৰ এগৰাকী ব্যক্তিৰ সৈতে চিনাকী হৈছিল। লাহে লাহৰ ৰফিকৰ সৈতে বোৱাৰীগৰাকীৰ প্ৰেমৰ সম্পৰ্কই গঢ় লৈ উঠে। ইয়াৰ পিছতে এইবছৰৰ জানুৱাৰী মাহৰ শেষৰ ফালে বোৱাৰীগৰাকীয়ে স্বামী ৰঞ্জণ সিং আৰু দুটি সন্তানক এৰি শিলিগুড়িৰ পৰা নগাঁৱলৈ আহে।
প্ৰেমিক ৰফিকে নগাঁৱৰ আজাদ নগৰত এটা ভাড়াঘৰ লৈ তেওঁক তাত থাকিবলৈ দিয়ে। আনহাতে প্ৰেমিক ৰফিক আহমেদ বিবাহিত হোৱাৰ বাবে নগাঁৱলৈ বোৱাৰীগৰাকী অহাৰ পিছত দুয়োৰে মাজত প্ৰায়ে কাজিয়াৰ সূত্ৰপাত হ'বলৈ ধৰে।
শেহতীয়াকৈ প্ৰেমিকাক ভাড়াঘৰত এৰি ৰফিক পুনৰ পূৰ্বৰ পত্নীৰ সৈতে থাকিবলৈ লয়। ইয়াৰ পিছতে শিলিগুড়িৰ বোৱাৰীগৰাকীয়ে হঠাৎ আত্মহত্যাৰ পথ বাচি লয়। ইতিমধ্যে আৰক্ষীয়ে প্ৰেমিক ৰফিক আহমেদক আটক কৰিছে।
আৰু পঢ়ক : ৰঞ্জিত বৰাৰ হত্যাৰ সৈতে জড়িতৰ সন্দেহত দুজনক আটক দিছপুৰ আৰক্ষীৰ...